ছয়গাওঁঃ দক্ষিণ কামৰূপৰ ছয়গাঁও সাৰ্বজনীন দূৰ্গোৎসৱ উদযাপনৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ।
ক’ভিড কালীন পৰিস্থিতিৰ বাবে বিগত সময়ত উদযাপন কৰিব পৰা নাছিল যদিও এইবেলি চৰকাৰী নিৰ্দেশনা অনুসৰি দুৰ্গোৎসৱৰ চলিছে এই প্ৰস্তুতি ।
এইবেলি ৫৪ সংখ্যাক বৰ্ষত ভৰি দিয়া ছয়গাঁও দুৰ্গোৎসৱৰ সোমবাৰে লাইখুটা স্থাপন কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।
লগতে পঢ়কঃধলপুৰৰ উচ্ছেদত মানৱ অধিকাৰ উলংঘন হৈছে
মহামাৰীৰ প্ৰকোপ যিহেতু এতিয়াও সম্পূৰ্ণ ৰূপে শেষ হোৱা নাই। সেয়েহে দুৰ্গাপূজা উদযাপনৰ সময়ত সকলোকে সাৱধনা অৱলম্বন কৰিবলৈ আহ্বান জনাই বিধায়ক গৰাকীয়ে। আনহাতে ছয়গাঁও সাৰ্বজনীন দুৰ্গোৎসৱৰ আটাইকেইদিনতে নিতৌ নৈমিত্তিক পূজা অৰ্চনাৰ লগতে নাম প্ৰসংগ আৰু আৰতী অনুষ্ঠিত হ’ব ৷