ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত পানীখাইতি আমবাৰীত অবৈধভাৱে আন ঠাইলৈ কঢ়িয়াই নিয়া ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল জব্দ ৷ ৰাইজৰ সহযোগত গাড়ীসহ ২১ বেগ চাউল জব্দ কৰে ছয়গাঁও আৰক্ষীয়ে ৷

আমবাৰীৰ সমবায়ৰ এজেণ্ট ৰতিকান্ত মণ্ডলে ৰাইজৰ বাবে আবণ্টিত ৰাজহুৱা বিতৰণ ব্যস্থাৰ চাউলখিনি AS 25 CC 0762 নম্বৰৰ গাড়ীখনেৰে বিক্ৰীৰ বাবে আন ঠাইলৈ লৈ গৈ থকা অৱস্থাত স্থানীয় ৰাইজে ৰাস্তাত জব্দ কৰে ৷

স্থানীয় ৰাইজে গাড়ী সহ চাউলখিনি জব্দ কৰাৰ পিচতে ছয়গাঁও আৰক্ষী থানাত খবৰ দিয়ে ৷ লগে লগে ছয়গাঁও থানাৰ আৰক্ষীৰ দল এটি ঘটনাস্থলীত উপস্থিত হৈ গাড়ী সহ জব্দকৃত চাউলখিনি থানালৈ লৈ আহে ৷

আনহাতে আমবাৰীৰ গাঁও প্ৰধান চিদ্দিক আলীয়ে সমবায়ৰ এজেণ্ট গৰাকীৰ বিৰুদ্ধে ছয়গাঁও এখন এজাহাৰ দাখিল কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply