ছয়গাঁওঃ ছয়গাঁও সমষ্টিৰ এটি গুৰুত্বপূৰ্ণ পথ বামুণীগাঁও জামবাৰী গৰৈমাৰী পথ৷ পথটোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কামাখ্যা যোগীঘোপা ৰে’লপথৰ ওচৰলৈ পকীকৰণ হ’ল ৷ কিন্তু ৰে’লপথৰ পৰা প্ৰায় ৪০০ মিটাৰ এলেকা পকীকৰণ নহ’ল৷ কিন্তু তাৰ পিছৰ গোটেই অংশ পকীকৰণ হৈছে৷ কিন্তু মাজতে পকীকৰণৰ বাবে ৰৈ গ’ল প্ৰায় ৪৪ মিটাৰ এলেকা৷ এই পথছোৱা পকীকৰণ কৰাৰ বাবে স্থানীয় ৰাইজ অৰ্থাৎ হলংজুলি আৰু নমল চৌধুৰীপাৰাৰ ৰাইজে গাঁও পঞ্চায়তকে ধৰি গড়কাপ্তানি বিভাগৰ ওচৰত অনুনয় বিননয় তথা লিখিত আবেদন কৰাৰ পিচতো ৰাইজৰ আবেদনৰ কোনো কাম নাহিল৷

পথটো মেৰামতি নকৰাৰ ফলত একেবাৰে শোচনীয় হৈ পৰাত পথছোৱাৰে যাতাতয়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৰাইজ৷ বিশেষকৈ ওচৰতে থকা বামুণীগাঁও হাইস্কুল আৰু মজলীয়া বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে যথেষ্ট আহুকালৰ সন্মুখীন হৈ আহিছে৷ অৱশেষত স্থানীয় হলংজুলি আৰু নমত চৌধুৰীপাৰা গাঁৱৰ ৰাইজে লগ হৈ শুকুৰবাৰে নিজে পথটো মেৰামতিৰ কামত লাগি পৰে৷ স্থানীয় ৰাইজে হাতে-হাতে কোৰ পাচি আদি লৈ পথটো মেৰামতিৰ কামত নামি পৰে৷ ৰাইজে প্ৰায় ৩ লাখ টকা খৰচ কৰি চেণ্ড গ্ৰেভেল আৰু বালি পেলাই পথটো যাতায়তৰ বাবে উপযোগী কৰি তোলে৷

উল্লেখযোগ্য যে, বামুণীগাঁৱৰ সোঁ-মাজেৰে জামবাৰী গৰৈমাৰীলৈ যোৱা পথটোত ৰে’লপথৰ তলৰ সুৰংগটো পানীত বুৰ যোৱাৰ ফলত হলংজুলি হৈ যোৱা পথটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে৷ বৰ্তমান উক্ত পথটোৰে সকলো যানবাহন চলাচল হৈ আছে৷ সেয়েহে স্থানীয় ৰাইজে অতিশীঘ্ৰে পথছোৱা পকীকৰণৰ ব্যৱস্থা কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,334 other subscribers

Leave a comment

Leave a Reply Cancel reply