ছয়গাঁওঃ কামৰূপ জিলা অসম জাতীয় পৰিষদৰ উদ্যোগত ছয়গাঁও চৰকাৰী মজলীয়া বিদ্যালয় খেলপথাৰত শ্বহীদ দিৱস পালন। এই অনুষ্ঠানত ঐতিহাসিক অসম আন্দোলনৰ ৮৫৫ গৰাকী আৰু ‘কা’ আন্দোলনৰ ৫ গৰাকী শ্বহীদৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়।
উক্ত অনুষ্ঠানতে কেইবাটাও শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জনোৱা হয় ৷ আজিৰ পৰা আৰম্ভ হ’ব অসম জাতীয় পৰিষদৰ দহদিনীয়া জাতীয় স্বাভিমান যাত্ৰা। আজি ছয়গাঁৱত অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচীত এই ঘোষণা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই।
লগতে পঢ়কঃনগাঁৱত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে দাহ কৰিলে সামৰিক বাহিনীৰ বিশেষ আইন চমুকৈ আফস্পা
দুপৰীয়া অনুষ্ঠিত মুকলি সভাত সম্পাদক ভূঞাই এই কথা ঘোষণা কৰাৰ লগতে অসমীয়া জাতিৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ উদ্দেশ্যেই এই যাত্ৰা আৰম্ভ কৰা হ’ব বুলি জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ো প্ৰকাশ কৰে ৷
উক্ত সভাত অসম জাতীয় পৰিষদৰ কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাই ভাষণ আগবঢ়ায় ৷ অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বেই পুৱা সৰ্বধৰ্ম প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়।
অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে দলৰ পতাকা উত্তোলনেৰে শ্বহীদ দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে দলৰ সভাপতিৰ লগতে দলৰ নেতৃবৃন্দই শ্বহীদ তৰ্পণ তথা বন্তি প্ৰজ্বলন কৰে।
অনুষ্ঠানত সভাপতি লুৰিণজ্যোতি গগৈৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ , কেন্দ্ৰীয় মহিলা শক্তি পৰিষদ, কেন্দ্ৰীয় যুৱ শক্তি পৰিষদ, জাতীয় পৰিষদৰ জিলা সমিতিৰ বিষয়ববীয়া সকলো উপস্থিত থাকে।