ছয়গাওঁঃ দক্ষিণ কামৰূপৰ ছয়গাঁৱত যাত্ৰীবাহী ৰে’ল দুৰ্ঘটনাগ্ৰস্থ।
গুৱাহাটীৰ পৰা হাউৰা অভিমুখে গৈ থকা অৱস্থাত শৰাইঘাট এক্সপ্ৰেছ নামৰ ৰেলখন ছয়গাঁও ষ্টেচনত দুৰ্ঘটনাত পতিত হয়।
লগতে পঢ়কঃমাজুলীত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
কামাখ্যা- যোগীঘোপা ৰে’লপথত লাইনচ্যুত হৈ ৰেলখনৰ পাঁচটা ডবা পথৰ পৰা নামি যায়।
ফলত ৰে’লপথৰ কিছু পৰিমাণে ক্ষতি হয় যদিও কোনো যাত্ৰী হতাহত হোৱা নাই। অৱশ্যে এই দুৰ্ঘটনা কিহৰ বাবে হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই।