ছয়গাঁওঃ ছয়গাঁৱত অবৈধ কয়লা ভৰ্তি ট্ৰাক জব্দ। আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিলে দুখন অবৈধ কয়লা ভৰ্তি ডি আই।
মেঘালয় দিশৰ পৰা আহি থকা অৱস্থাত ছয়গাঁৱৰ উকিয়াম পথৰ ভেৰভেৰিত জব্দ কৰে অবৈধ ডি আই দুখন ।
লগতে পঢ়কঃসুদত ধন দি বহু জনক সৰ্বস্বান্ত কৰা ইমৰাণ আনন্দ মিশ্ৰ বাহিনীৰ জালত
জব্দকৃত ডি আই দুখনৰ নম্বৰ এম এল ১০ বি ৭৮১৭ আৰু এ এছ ২৫ চি চি ৫৯২৯।
উল্লেখ্য যে, অসম-মেঘালয় সীমান্তৰ উকিয়াম অঞ্চলৰ পৰা মাজে মাজে ছয়গাঁও হৈ কয়লা ভৰ্তি গাড়ীৰ চলাচল হৈ থকাৰ খবৰ লাভ কৰি ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলোৱা আৰক্ষীৰ এক অভিযানত জব্দ এই গাড়ী দুখন।