ছয়গাঁও : ছয়গাঁও আৰক্ষীৰ বৃহৎ সফলতা। নিশা ছয়গাঁও বজাৰত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ। উল্লেখযোগ্য যে ড্ৰাগছ, গাঞ্জা তথা অবৈধ সুৰাৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অব্যাহত আছে ধাৰাবাহিক অভিযান ।
এই অভিযানৰ মাজতে শনিবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিৰ অভিযান চলাই ২৯ কাৰ্টুন অবৈধ বিলাতী সুৰা জব্দ কৰাৰ লগতে তিনি জনক আটক কৰে ।
২৯ টা কাৰ্টুনত ১১৪০ টা বটল থকাৰ লগতে নগদ ৬০৩৫ টকা লোক কেইজনৰ জব্দ কৰে । আৰক্ষীয়ে আটক কৰা লোক কেইজন হ’ল ছয়গাঁও বিহদিয়াৰ কৃষ্ণ কলিতা, নন্দো দাস আৰু অৰূপ দাস ।
লগতে সুৰা ভৰ্তি As01CC-1934 নম্বৰৰ মেজিক এখনো জব্দ কৰিছে আৰক্ষীয়ে । অনাগত দিনত ছয়গাঁও আৰক্ষীৰ অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক-নাগালেন্ডৰ মন জিলাত ২১পেৰা কামাণ্ডোৰ গুলীত নিহত ১৪ জন নীৰিহ গঞা