গুৱাহাটী : নতুন দিল্লীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্রীয় মহিলা আৰু শিশু উন্নয়ন মন্ত্রী স্মৃতি জুবিন ইৰাণীক সাক্ষাৎ কৰে। সাক্ষাতকালত মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রীগৰাকীৰ সৈতে মহিলা আৰু শিশু বিকাশ সম্পর্কিত কেইবাটাও বিষয় আলােচনা কৰে। বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহিলা আৰু শিশু উন্নয়নৰ লগতে হস্ততাঁত খণ্ডৰ সৈতে সম্পর্কিত কেতবােৰ গুৰুত্বপূর্ণ বিষয় আলােচনা কৰে।

নির্ভয়া পুঁজিৰ সন্দৰ্ভত আলােচনা কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ মহিলা সকলক সুৰক্ষিত কৰাৰ বাবে জৰুৰীকালীন সঁহাৰি পদ্ধতি লগতে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মানৱ সৰবৰাহ ৰােধৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়েও কেন্দ্রীয় মন্ত্রীগৰাকীক অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্রী ইৰাণীক পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত তেওঁৰ চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও অৱগত কৰে। উল্লেখ্য যে এই কাৰ্যসূচীৰ অধীনত ৬ মাহৰ পৰা ৬ বছৰৰ শিশু, গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মাতৃসকলক সংহত শিশু উন্নয়ন আঁচনিৰ অধীনত পুষ্টিকৰ খাদ্য প্রদান কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কেন্দ্রীয় মন্ত্রীগৰাকীক বছৰি ৩০০ দিন সামৰি হিতাধিকাৰীৰ সংখ্যা অনুসৰি ৰাজ্যখনলৈ পৰিপূৰক পুষ্টি কাৰ্যসূচীৰ অধীনত কেন্দ্রীয় পুঁজিৰ অংশ সময়মতে মুকলি কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক : চাকৰি! আছাম পেট্ৰকেমিকেলছৰ বিভিন্ন পদত নিযুক্তি; সোনকালে আৱেদন কৰক

বৈঠকত কেন্দ্রীয় মন্ত্রী ইৰাণীয়ে ৰাজ্য চৰকাৰক অংগনৱাড়ী কর্মী আৰু অংগনৱাড়ী সহায়কসকলৰ বিস্তৃত বিৱৰণ দাখিল কৰিবলৈ অনুৰােধ জনায় যাতে চৰকাৰে তেওঁলােকক ভাৰত চৰকাৰৰ বীমা আঁচনিৰ অধীনত সামৰি ল’ব পৰা যায়। ৰাজ্যখনৰ বস্ত্র শিল্প খণ্ডৰ উন্নয়নৰ বাবে মুখ্যমন্ত্রীয়ে জনােৱা আহ্বানৰ প্রতি ইতিবাচক সঁহাৰি জনাই কেন্দ্রীয় মন্ত্রীগৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply