গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ বিষয়াসকলৰ সৈতে বিভাগটোৱে ৰূপায়ণ কৰা কাম-কাজ আৰু আঁচনিসমূহৰ পর্যালােচনা কৰে। বিভাগটোৱে ৰূপায়ণ কৰি থকা আঁচনিসমূহ আৰু হাতত ল’ব খােজা পদক্ষেপসমূহৰ পর্যালােচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ মহিলাসকলৰ বয়ন শিল্পত স্বভাৱগত দক্ষতা আছে সেয়েহে ৰাজ্যখনৰ হস্ততাঁত আৰু বস্ত্র খণ্ডটোক শক্তিশালী কৰি তােলাৰ স্বাৰ্থত বিভাগটোৱে এক ব্যৱহাৰিক দৃষ্টিভংগী গ্রহণ কৰিব লাগিব।
বিভাগটোক শিপিনীসকলৰ বাবে এক শক্তিশালী মঞ্চলৈ ৰূপান্তৰ কৰাৰ দিশত পৰিকল্পনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে উপযুক্ত চিন্তা-চৰ্চা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে। উল্লেখযােগ্য যে ৰাজ্যখনৰ এক লাখতকৈও অধিক শিপিনীৰ ওচৰত সূতা বেংকৰ পাছবুক আছে, যাৰ অধীনত তেওঁলােক প্রতি মাহে ৪.৫ কিলােগ্রামকৈ সূতা লাভ কৰিব লাগে। এই দিশটোলৈ আঙুলিয়াই মুখ্যমন্ত্ৰীয়ে শিপিনীসকললৈ উন্নত মানৰ সূতা যােগান ধৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰে আৰু শিপিনীসকল অধিক উপকৃত হােৱাকৈ সূতা বেংক আঁচনিখনৰ পর্যালােচনা কৰিবলৈ বিভাগটোক নির্দেশ দিয়ে।
মুখ্যমন্ত্ৰীয়ে কয় যে সম্প্রতি ৰাজ্যখনৰ শিপিনীসকলে তেওঁলােকৰ উৎপাদিত সামগ্ৰীৰ প্রকৃত লাভ আদায় কৰিবলৈ সক্ষম হােৱা নাই, কিয়নাে তাৰ বাবে প্রয়ােজনীয় বজাৰখন ৰাজ্যত এতিয়াও উপলব্ধ নহয়। সেয়েহে শিপিনীসকলৰ বাবে সহজলভ্য আৰু পােনপটীয়া বজাৰ সৃষ্টিৰ তাৎক্ষণিক পদক্ষেপ ল’বলৈ তেওঁ বিভাগটোক নির্দেশ দিয়ে। শিপিনীসকলৰ দক্ষতা উন্নীতকৰণৰ পদক্ষেপ গ্রহণৰ ওপৰতাে তেওঁ গুৰুত্ব আৰােপ কৰে। ৰাজ্যখনত উৎপাদিত হস্ততাঁত সামগ্ৰীৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আর্টফেড’ক পুনৰুজ্জীৱিত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।
লগতে পঢ়ক : মহাজোঁটৰ চৰকাৰ নহ’ল গতিকে মহাজোঁট এতিয়া অপ্ৰাসংগিক : প্ৰবীণ বড়ো
দেশৰ বিভিন্ন চহৰৰ লগতে অসম ভৱনসমূহতাে ৰাজ্যখনৰ হস্ততাঁত সামগ্ৰীৰ প্ৰদৰ্শনৰ বাবে কাউণ্টাৰ স্থাপন কৰিবলৈ তেওঁ নির্দেশ দিয়ে। বৈঠকত হস্ততাঁত, বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, বিভাগটোৰ আয়ুক্ত-সচিব মনালিছা গােস্বামীৰ লগতে অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।