নিউজ ডেস্কঃ আজি ষট পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন কৰা হৈছে ষট পূজা। এই ছট পূজা সূৰ্যাস্ত আৰু সূৰ্য্য উদয়ৰ সময়ত কৰা হয় । পুৱাৰ ভাগতে ৰীতি-নীতিৰে নদীৰ পাৰলৈ গৈ সূৰ্য দেৱতাক পূজা কৰে ভক্তসকলে।

ইতিহাস অনুসৰি এই পূজা প্ৰথম দেৱাসুৰ সংগ্ৰামত যেতিয়া দেৱতা সকলক অসুৰে পাৰস্ত কৰিছিল তেতিয়া দেৱ মাতা অদিতিয়ে ছট মাতাৰ পৰা তেজাস্বি পুত্ৰৰ বৰদান পাইছিল । সেই পুত্ৰয়ে অসুৰৰ পৰা দেৱতা সকলোকে বিজয় কৰাইছিল । তেতিয়াৰ পৰা ছট পূজাৰ আৰম্ভণি হৈছিল ।

বহুতো নিয়ম নীতিৰ মাজত ছট পূজা কৰা হয়। এই ছট পূজা বিশেষকৈ বিহাৰী সম্প্ৰদায়ৰ মাজত পৰম্পৰাগত ভাৱে চলি আহিছে যদিও বিহাৰী সম্প্ৰদায়ৰ মানুহৰ লগত বিভিন্ন সম্প্ৰদায়ৰ মানুহেও এই ছট পূজাৰ আনন্দ উপভোগ কৰে ৷

গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ ঘাটত ষট পূজা উপলক্ষে যথেষ্ট সংখ্যক লোক সমবেত হয়। পূজা উপলক্ষে ফাঁচী বজাৰ ঘাটত যথেষ্ট সংখ্যক লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। বিগত বছৰ কোভিড সৃষ্ট পৰিবেশৰ বাবে উদযাপন কৰিব পৰা নহ’ল ষট পূজা সেই বাবে এইবাৰ উলহ-মালহেৰে ৰাইজ ওলাই অহা পৰিলক্ষিত হৈছে।

নগাঁও জিলাৰ কামপুৰ কঠিয়াতলীতো উলাহ-মালহৰে পালন কৰা হৈছে ছট পূজা ৷ জামুগুৰিহাট আৰু চতিয়াতো উদযাপন কৰা হৈছে ষট পূজা ৷ চতিয়াৰ মাজমজিয়াৰ মৰনৈ নদীৰ পাৰত আৰু জামুগুৰিহাটৰ জীয়া ভৰলী নৈৰ পাৰত পুৱাৰ পৰাই ভক্তসকলে নিজ নিজ স্থানত ৰং তুলিকাৰে জিলিকাই আটকধুনীয়াকৈ বেদী তৈয়াৰ কৰে ৷ নদীৰ ওপৰতেই স্থাপন কৰা পূজাৰ মণ্ডপ সুন্দৰকৈ নিৰ্মাণ কৰা হৈছে ৷

অন্যান্য স্থানৰ লগতে টীয়কতো টীয়ক নদীৰ পাৰত ষট্ পূজাৰ প্ৰস্তুতি চলিছে । ১৯৬৪ চনৰ পৰা ধাৰাবাহিক ভাবে আয়োজন কৰি অহা টীয়কৰ এই ষট্ পূজাত বিগত সময়ত দেখা গৈছিল ব্যাপক উচাহ । কিন্তু এইবাৰ তাৰ ব্যতিক্ৰম ।কভিড প্ৰটকল ৰক্ষা কৰি উদ্যোক্তা সকলে অনুষ্টুপিয়াকৈ আয়োজন কৰিছে ষট্ পূজাৰ।

ডবকাৰ জাব্ৰাখুৱাতো দেখা গৈছে ষট্ পূজা উদযাপন৷ষট্ পূজা উপলক্ষে ভক্ত সকলৰ সমাগম। সূৰ্য্য দেৱতাক পূজা কৰাৰ উদ্দেশ্য এই ষট্ পূজা উদযাপন কৰা হৈছে ।ডবকাৰ জাব্ৰাখুৱাত পূজা কৰিবৰ বাবে ভক্ত সকলৰ সমাগম হোৱা দেখা গৈছে। পূজা সমিতিয়ে চৰকাৰৰ নীতি-নিৰ্দেশনা মানি আয়োজন কৰিছে ষট্ পূজা।

পিছে এইবাৰ পূৰ্বৰ তুলনাত নাই বিশেষ জাকজমকতা ৷ ভক্তসকল পূজাৰ বাবে ওলাই আহিছে যদিও কোভিড সৃষ্ট পৰিবেশ আৰু লকডাউন তথা মূল্যবৃদ্ধিয়ে ভক্তসকলক জুৰুলা কৰি পেলাইছে ৷ তথাপিও ৰাজ্য়ৰ ভিন্ন প্ৰান্তত বিহাৰী সম্প্ৰদায় লোকসকলে হেপাহৰ ষট পূজা উদযাপন কৰা দেখা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply