ছয়গাঁও: এখন বিলৰ পাৰত ওলমিছে এখন ফলক। পশ্চিম ছয়গাঁও পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰৰ তিনচকুৱা বিলৰ পাৰত ওলমিছে এইখন ফলক।বিলখনৰ পাৰত আঁৰি থোৱা ফলকখনত লিখি থোৱা কথাবোৰ দেখি গাঁওবাসী আচৰিত হৈছে। ফলক খনত উল্লেখ থকা আঁচনিত লিখা আছে বিলখন খান্দি চাফা কৰিবৰ বাবে আৱণ্টিত ধনৰ পৰিমাণ। ইয়াৰ বাবে আৱণ্টন দিয়া হৈছিল মুঠ ৩ লাখ ৮৮ হাজাৰ ১৪৭ টকা।

ছয়গাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত মথুৰাপুৰীত আছে এইখন তিনচকুৱা বিল । অতিজৰে পৰা গাঁওবাসীৰ বাবে এই বিলখনে সৌন্দৰ্যৰ আকাৰ কঢ়িয়াই অন্য এক মাত্ৰা বহনকৰি আহিছে । কিন্তু এই বিলখনৰ উন্নয়নৰ বাবে পশ্চিম ছয়গাঁও গাঁও পঞ্চায়তৰ সভাপতি খগেন নাথৰ নেতৃত্বত প্ৰায় তিনি বছৰ পূৰ্বে ৩,৮৮,১৪৭ টকা ব্যয়ৰ আঁচনি ৰূপায়ণ কৰা হৈছিল ।

তিনচকুৱা বিলৰ পাৰত ফলক আঁৰি থোৱাৰ পিছতহে গাঁওবাসীয়ে এই আঁচনি খন ইয়াত হৈছিল বুলি জানিব পাৰে। আঁচনি ৰূপায়ণৰ নামত ফলক খনৰ বাহিৰে ফুটা কড়ি এটাও খৰচ কৰা নেদেখিলে । এতিয়া পঞ্চায়ত কাৰ্যালয়লৈ গৈও গাঁওবাসীয়ে সুদুত্তৰ পাবলৈ সক্ষম হোৱা নাই ।


বিলখনৰ উন্নয়নৰ নামত আবন্টিত সমুদায় ধন আত্মসাৎ পঞ্চায়ত সভাপতি খগেন নাথৰ নেতৃত্বতে হোৱা বুলি ৰাইজে অভিযোগ তুলিছে । আজিলৈ আঁচনিখনৰ নামত ফুটাকড়ি এটাও খৰচ কৰা নাই
অথচ ফলকখন আঁৰি ৩ লাখ ৮৮ হাজাৰ ১৪৭ টকা ব্যয় কৰা বুলি দেখুওৱা হৈছে।
চৰকাৰে খনে এনেবোৰ বিয়াগোম দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হ’ব পাৰিব নে তাক লৈ মথুৰাপুৰীবাসীয়ে প্ৰশ্ন তুলিছে ।

লগতে পঢ়ক- কাইলৈৰ পৰা গুৱাহাটীত আৰম্ভ হ’ব গান্ধী শিল্প বজাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply