ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত কুকুৰমাৰাৰ কলহী হোটেলত ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৫ কাৰ্টন বিলাতী সুৰা জব্দ কৰে ।
ছয়গাঁও আৰু কুকুৰমাৰা আৰক্ষীৰ যুটীয়া অভিযানৰ উমান পাই হোটেলৰ স্বত্বাধিকাৰী দীপক কলিতাই পাঁচ দুৱাৰেদি পলায়ন কৰে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ কৰে ।
অবৈধ সুৰাখিনিৰ মূল্য প্ৰায় ৯০ হাজাৰ টকা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ছয়গাঁও আৰক্ষীয়ে অবৈধ সুৰা আৰু ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভগৱান ডেকাই প্ৰকাশ কৰে ৷
লগতে পঢ়কঃসোণাৰিত জলজীৱন মিচনৰ অধীনত পানী যোগান আঁচনিৰ আধাৰ শিলা স্থাপন