নিউজ ডেস্কঃ আগন্তুক ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমত পুনৰ সমষ্টি গঠন হোৱাৰ প্ৰৱল সম্ভাৱনা দেখা গৈছে। ইতিমধ্যে নির্বাচন আয়োগে ৰাজ্যখনৰ সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া বহুখিনি আগুৱাই নিছে। আনকি সমষ্টি পুনৰ গঠনৰ সন্দৰ্ভত ৰাজ্যৰ ৰাজনৈতিক দল, সামাজিক সংগঠনসমূহৰ লগতে নাগৰিকসকলৰ মতামত গ্ৰহণ কৰাৰ বাবে অহা ২৬ মাৰ্চত অসমত উপস্থিত হ’ব দেশৰ মুখ্য নির্বাচন আয়ুক্ত ৰাজীৱ কুমাৰ।
তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিবলগীয়া নিৰ্বাচন আয়োগৰ দলটোত ৰাজীৱ কুমাৰৰ উপৰি থাকিব নির্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেল। ৰাজ্যিক মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই আয়োগৰ দলটোৰ কাৰ্যসূচীৰ কথা ৰাজহুৱা কৰি প্ৰকাশ কৰা মতে, ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ গুৱাহাটীৰ হোটেল ৰেডিছন-ব্লুত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ সৈতে মত বিনিময় কৰিব।
একেদিনাই এক বজাৰ পৰা নাগৰিক সমাজ, সামাজিক সংগঠনৰ প্ৰতিনিধিৰে আলোচনা ত মিলিত হোৱাৰ লগতে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মুৰব্বীসকলৰ সৈতেও অনুষ্ঠিত হ’ব বৈঠক। ২৮ মাৰ্চৰ আবেলি ৩ বজাত নির্বাচন আয়োগে সম্বোধন কৰিব সংবাদ মাধ্যমক।
আয়োগৰ এটা সূত্ৰৰ মতে, চলিত বৰ্ষৰ ভিতৰতেই সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ২০২৪ চনৰ ১ জানুৱাৰীত ৰাজ্যৰ নতুন ভোটাৰ তালিকা পুনৰ গঠিত সমষ্টিৰ ভিত্তিত প্ৰকাশ কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে আয়োগে।
সূত্ৰটোৱে প্ৰকাশ কৰা মতে, নামনি আৰু মধ্য অসমৰ বিধানসভা, লোক সভা সমষ্টিত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ লোক সভা সমষ্টি হিচাপে বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আৰু গুৱাহাটীত পুনৰ গঠনৰ প্ৰভাৱ পৰিলক্ষিত হ’ব।
উল্লেখযোগ্য যে, ৰাজ্যিক নির্বাচন বিভাগে দাখিল কৰা জিলা, মহকুমা, মৌজাভিত্তিক তথ্য তথা মানচিত্ৰৰ ভৌগোলিক অৱস্থানৰ ভিত্তিত আয়োগে পুনৰ গঠিত সমষ্টিৰ খচৰাৰ ৰূপৰেখা প্ৰস্তুত কৰি আছে। অৱশ্যে সমষ্টিসমূহ পুনৰ গঠন কৰিলেও ৰাজ্যৰ বিধানসভা আৰু লোক সভা সমষ্টিৰ সংখ্যা বৃদ্ধি নাপায়।
লোক সভা সমষ্টি হিচাপে বৰপেটা, কোকৰাঝাৰ, মঙলদৈ, নগাঁও, কলিয়াবৰ আৰু গুৱাহাটীত পুনৰ গঠনৰ প্ৰভাৱ পৰিলে বহুকেইটা বিধানসভা সমষ্টি বিলুপ্ত হোৱাৰ লগতে নতুন নামেৰে গঠন কৰা হ’ব কেইবাটাও সমষ্টি। যাৰ ফলত বহুকেইজন ৰাজনৈতিক নেতাই নিজা সমষ্টি হেৰুৱাব।
উল্লেখযোগ্য যে, বিগত বৰ্যৰ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমত সমষ্টি পুনৰ গঠন প্রক্রিয়া আগবঢ়াই নিয়াৰ বাবে অধিসূচনা জাৰি কৰিছিল। পিছে সমষ্টি পুনৰ গঠন আয়োগৰ পৰিৱৰ্তে নির্বাচন আয়োগৰ জৰিয়তে কিয় পুনৰ গঠন প্ৰক্ৰিয়া আগবঢ়াই নিয়া হৈছে তথা ২০১১ চনৰ লোকপিয়ল থকা সত্ত্বেও ২০০১ চনৰ লোকপিয়লৰ ভিত্তিত অসমৰ সমষ্টি পুনৰ গঠন কৰিবলৈ লোৱা প্ৰক্ৰিয়াক প্রত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত যোৱা ফেব্ৰুৱাৰী মাহত সাংসদ অজিত কুমাৰ ভূঞা আৰু চিন্তাবিদ ড° হীৰেন গোহাঁয়ে পৃথকে পৃথকে দুখনকৈ লেখ আৱেদন দাখিল কৰিছে।
লগতে পঢ়ক – মঙলবাৰে গ্ৰেপ্তাৰ হ’ব পাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প