নিউজ ডেস্কঃ ওদালগুৰি জিলাৰ ৰৌতাত এজন নিৰহ ব্যক্তি মৃত্যু হোৱাত দেওবাৰে ৰাইজৰ দলে এখন সংবাদমেল অনুষ্ঠিত কৰে। সংবামেলত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়া, কবীন্দ্র চেতিয়া ফুকন আৰু সাধাৰণ সম্পাদক ৰাছেল হুছেইনে এক গুৰুতৰ অভিযোগ উত্থাপন কৰে।
তেওঁলোকে কয় যে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দিনত অসমত এনকাউণ্টাৰৰ নামত মুক্তহত্যাৰ যজ্ঞ চলিছে। য’ত পুৰোহিতৰ ৰূপত আছে স্বয়ং মুখ্যমন্ত্ৰী আৰু তাত সহযোগ কৰিছে ডি জি পি জি. পি. সিঙে।
ওদালগুৰিৰ আৰক্ষী এনকাউন্টাৰত ডকাইত কেনাৰাম বসুমতাৰী বুলি ডিম্বেশ্বৰ মুছাহাৰীক গুলীয়াই মৰাক পুনৰ ৰাজ্যত ভুৱা এনকাউন্টাৰ সংঘটিত হোৱা বুলি সাংবাদমেলত ৰাইজৰ দলে অভিযোগ কৰে।
লগতে তেওঁলোকে কয় যে, যি এনকাউণ্টাৰৰাজ চলিছে তাৰ পৰা কোনো বাছি নাযায়। ইয়াৰ বলি হিন্দুও হ’ব আৰু মুছলমানো হ’ব, জনজাতি মানুহো হ’ব আৰু আদিবাসী মানুহো হ’ব।
উল্লেখযোগ্য যে, আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা কেনাৰাম নে ডিম্বেশ্বৰ সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ৰাজ্যত মুঠ ১৭৪ টা (বাতৰিটো লিখা দিনৰলৈকে) এনকাউন্টাৰৰ ঘটনা সংঘটিত হৈছে। তাৰ ভিতৰত মৃত্যু হৈছে ৬১ জন ব্যক্তি আৰু ঘুণীয়া হৈছে ১৪১ জন ।