দৰং : আজি দৰং জিলাত ধলপুৰ ভাগৱত নামঘৰৰ আধাৰশিলা স্থাপন কৰি গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পত নিয়োজিত কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৬১৬ গৰাকী কৃষকক উমাল কাপোৰ প্ৰদানৰ লগতে নামঘৰৰ উন্নয়নৰ বাবে ১ কোটি টকা অনুদানৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে অসমৰ যুৱপ্ৰজন্মক স্ব-নিয়োজনৰ বাবে কৃষিক এক মূল উপজীব্য হিচাপে লৈ আগবাঢ়িবলৈ আহ্বান জনায়। এই গৰুখুঁটি প্ৰকল্পই অসমৰ যুৱপ্ৰজন্মক অনুপ্ৰাণিত কৰিব বুলি আশা ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে। অসমৰ উৰ্বৰ ভূমি অনুপ্ৰৱেশকাৰীৰ পৰা ৰক্ষা কৰিবলৈ যুৱচামে অনীহা ত্যাগ কৰি কৃষিক্ষেত্ৰত কঠোৰ পৰিশ্ৰমেৰে নিজকে সমৰ্পিত কৰাটো খুবেই প্ৰয়োজন বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

দুগ্ধ আৰু কৃষিক্ষেত্ৰত গুজৰাট আৰু পঞ্জাবৰ দৰে ৰাজ্যৰ সৈতে প্ৰতিযোগিতাত নমাৰ পণ গ্ৰহণ কৰিব লাগিব। চৰকাৰী চাকৰিৰ পৰিৱৰ্তে আমাৰ যুৱক-যুৱতীসকলে চাকৰি সৃষ্টি আৰু অৰ্থনীতিত অৰিহণা যোগাবলৈ স্ব-নিয়োজনৰ বাট মোকলোৱাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

লগতে পঢ়ক :  জলসম্পদ বিভাগৰ বিষয়া অভিযন্তাৰে মন্ত্ৰী পীযুষ হাজৰীকাৰ পৰ্যালোচনা বৈঠক

অনুষ্ঠানত ৬১৬ জন কৃষি সেনালৈ শীতকালত সহায় হোৱাকৈ গৰম কাপোৰ প্ৰদান কৰা হয়। ধলপুৰ ভাগৱত নামঘৰ নিৰ্মাণৰ বাবে ১ কোটি টকাৰ আৰ্থিক অনুদান ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ১ কোটি ৬৫ লাখ টকাৰে নিৰ্মাণ হ’বলগীয়া গৰুখুঁটিৰ ৰজাপুখুৰীৰ পৰা গোশালালৈ অহা পথৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। যুৱপ্ৰজন্মক কৃষিকাৰ্যৰ সৈতে জড়িত হৈ গ্ৰাম্য অৰ্থনীতি টনকীয়াল কৰাত অৰিহণা যোগোৱাৰ বাবে আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply