শিৱসাগৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তী উদ্যাপন সমাৰােহৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্রহণ কৰি ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে নিট, জে ই ইৰ দৰে সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা তথা ইউ পি এছ চি আৰু এ পি এছ চিৰ দৰে প্রশাসনিক সেৱাৰ পৰীক্ষাত সাফল্য অর্জন কৰিব পাৰে তাৰ বাবে উপযুক্ত আঁচনি গ্ৰহণ কৰাৰ লগতে প্রয়ােজন সাপেক্ষে ৰাষ্ট্ৰীয় স্তৰৰ কচিং চেণ্টাৰৰ সৈতে চুক্তিবদ্ধ হ’বলৈ মহাবিদ্যালয় কর্তৃপক্ষক আহ্বান জনায়। এই দিশত প্রয়ােজন সাপেক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্রয়ােজনীয় সহায় সহযােগিতা আগবঢ়োৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে সর্বভাৰতীয় পৰীক্ষাত ৰাজ্যখনৰ শিক্ষার্থীসকলৰ ব্যর্থতাৰ কাৰণসমূহ আমি বিচাৰি উলিয়াব লাগিব। শিক্ষাদান পদ্ধতি আৰু ত্রুটিসমূহ বস্তুনিষ্ঠ বিশ্লেষণ কৰি সেয়া শুধৰণিৰে প্ৰয়ােজনীয় পদক্ষেপ ল’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ্য যে এই মহাৰজত জয়ন্তী সমাৰােহৰ উদ্বোধনী অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ, বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, সংগীতজ্ঞ, সু-অভিনেতা, স্বাধীনতা সংগ্ৰামৰ দূৰন্ত সৈনিক পদ্মধৰ চলিহাৰ আৱক্ষ প্রতিমূর্তিৰ লগতে শিক্ষানুষ্ঠানখনৰ এগৰাকী অন্যতম খনিকৰ তথা প্রাক্তন অধ্যক্ষ, স্বাধীনতা সংগ্রামী, শিক্ষাবিদ, সংগীতজ্ঞ পৰাগ চলিহাৰ আৱক্ষ প্রতিমূর্তি উন্মােচন কৰে।
ভাষণ প্রসংগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে পদ্মধৰ চলিহা আৰু পৰাগ চলিহাৰ দৰে দূৰদৰ্শ বিদ্বানৰ সপােনৰ ফচল এই শিক্ষানুষ্ঠানখনে বিগত ৭৫ টা বছৰে অজস্র মানৱ সম্পদ গঢ় দি সমাজখনক বৌদ্ধিকভাৱে সমৃদ্ধ কৰি আহিছে। অজ্ঞান আৰু প্রজ্ঞাৰ নিৰন্তৰ অন্বেষণেই যি জাতিৰ মূল উপজীব্য সেই জাতিয়ে কেতিয়াও কালৰ বুকুত লীন নাযায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে শিৱসাগৰ কলেজৰ মহাৰজত জয়ন্তীৰ এই বিশেষ ক্ষণত অনাগত ৭৫ টা বছৰৰ বাবে শিক্ষানুষ্ঠানখনে নতুনত্বক আকোৱালি লৈ নৰূপেৰে লক্ষ্যস্থিৰ কৰি আগুৱাই যাব লাগিব বুলিও কয়। আত্মনিৰ্ভৰ ভাৰত গঢ় দিয়াটো ভাৰতৰ নতুন শিক্ষা নীতিৰ মূল লক্ষ্য বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই নীতিৰ সম্যক দিশসমূহ ৰাজ্যখনৰ শিক্ষানুষ্ঠানসমূহত বহুলভাৱে আলােচিত হােৱাৰাে পােষকতা কৰে।
লগতে পঢ়ক : টীয়কত গোৰ্খা সম্প্ৰদায়ৰ লোক সকলে পালন কৰে পৰম্পৰাগত ভাইফোঁটা
মুখ্যমন্ত্ৰীয়ে ঐতিহ্যমণ্ডিত শিৱসাগৰ কলেজৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হ’ব বুলি এই অনুষ্ঠানতে ঘােষণা কৰাৰ লগতে কলেজ পৰিয়ালৰ সৈতে আলাপ-আলােচনাত মিলিত হৈ আগন্তুত তিনি বছৰৰ ভিতৰত শিৱসাগৰ কলেজ বিশ্ববিদ্যালয়ৰ পর্যায়লৈ উন্নীতকৰাৰ বাবে যাবতীয় প্রস্তুতি আৰম্ভ কৰাৰ বাবে শিক্ষা মন্ত্রী ডাঃ ৰণােজ পেগুক নির্দেশ দিয়ে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে অধ্যাপক শৰং মহন্ত সোঁৱৰণী মুকলি মঞ্চৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ড° সব্যসাচী মহন্ত আৰু ৰিতামণি বৰাৰ দ্বাৰা ৰচিত এখন কাব্য গ্রন্থও উন্মােচন কৰে।।অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণােজ পেগু, ৰাজহ আৰু দুর্যোগ ব্যবস্থাপনা বিভাগৰ মন্ত্রী যােগেন মহন, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্রসাদ তাছা, বিধায়ক ধর্মেশ্বৰ কোঁৱৰ, থাওঁৰা সমষ্টিৰ নবনির্বাচিত বিধায়ক সুশান্ত বৰগোঁহাই, পৰাগ চলিহাৰ সহধর্মিনী দীপালী চলিহা, তেল আৰু প্রাকৃতিক গেছ নিগমৰ কার্যবাহী সঞ্চালক আৰ কে শর্মা, মহাবিদ্যালয়খনৰ অধ্যক্ষ ড প্রফুল্ল চন্দ্ৰ কলিতাকে ধৰি শিক্ষানুষ্ঠানখনৰ প্রাক্তন আৰু বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী আৰু প্রাক্তন ছাত্র-ছাত্রীসকল উপস্থিত থাকে।