বাক্সা : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মণিপুৰত উগ্ৰপন্থীৰ আক্ৰমণত শ্বহীদ হোৱা অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰীৰ বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ বিদেহ আত্মাৰ সদগতিৰ কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

শ্বহীদৰ মহান ত্যাগক সন্মান জনাই সকলো সময়তে সহযোগিতাৰ প্ৰতিশ্ৰুতিৰে মুখ্যমন্ত্ৰীয়ে শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ পৰিয়াললৈ ৫০ লাখ টকাৰ আৰ্থিক সাহয্য আগবঢ়ায়। মুখ্যমন্ত্ৰীয়ে স্থানীয় ৰাইজৰ অনুৰোধৰ প্ৰতি সন্মান জনাই থেকেৰাকুছি কানহিবাৰী গাঁৱৰ পথছোৱা শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নামত উৎসৰ্গা কৰে।

লগতে পঢ়ক : পুনৰ কাৰ্বি আংলংত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

শ্বহীদগৰাকীয়ে অধ্যয়ন কৰা হিৰিম্বা বড়ো উচ্চ বিদ্যালয়ত এখন গ্ৰাম্য ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ লগত উপস্থিত থাকে ইউ জি ব্ৰহ্ম, বিধায়ক জয়ন্ত মল্ল বৰুৱা, ভূপেন বড়ো, লৰেন্স ইছলাৰী আৰু জিৰণ বসুমতাৰী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply