গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে গুৱাহাটীৰ হােটেল ৰেডিশ্বন ব্লুত আয়ােজিত উত্তৰ-পূৰ্বাঞ্চলৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীসকলৰ সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে। ভাৰত চৰকাৰৰ পর্যটন মন্ত্ৰালয়ৰ সৌজন্যত আয়ােজিত দুদিনীয়া এই সন্মিলনৰ প্রথম পূর্ণ অধিৱেশনত কেন্দ্রীয় পর্যটন, সংস্কৃতি তথা উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু কেন্দ্রীয় পর্যটন তথা প্রতিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় ভাটো উপস্থিত থাকে।
অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক উন্নয়নৰ বাবে সংস্কৃতি আৰু পর্যটন এই দুই ক্ষেত্র হৈছে বিশেষ গুৰুত্ব প্রদান কৰিবলগীয়া বিষয়। প্রথমবাৰৰ বাবে কেন্দ্রীয় মন্ত্রীসভাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়ৰ দায়িত্ব লাভ কৰা মন্ত্রীগৰাকীয়েই পর্যটন আৰু সংস্কৃতি মন্ত্রালয়ৰে দায়িত্ব লাভ কৰাটো এইক্ষেত্ৰত অঞ্চলটোৰ বাবে এক সুবর্ণ সুযােগ বুলি অভিহিত কৰি কেন্দ্রীয় মন্ত্রী জি কিষাণ ৰেড্ডীৰ সুদক্ষ নেতৃত্বত উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰ আৰু পৰ্যটন উদ্যোগটোরে বিকাশৰ এক নতুন উচ্চতাত আৰােহণ কৰিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যই যাতায়াত-যােগাযােগৰ দিশৰ পৰা পাৰস্পৰিকভাৱে সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যদিও আমাৰ প্ৰতিখন ৰাজ্যই সুকীয়া সুকীয়া সাংস্কৃতিক বৈভৱেৰে চহকী, তথাপি প্ৰায়বােৰ ক্ষেত্ৰতেই আমাৰ সাদৃশ্য আছে। তেওঁ কয় যে স্বাধীনতাৰ পিছত সুদীর্ঘ কাল ধৰি দেশৰ অন্যান্য অংশৰ তুলনাত অৱহেলিত হৈ থকা এই অঞ্চলটোৰ উন্নয়নে প্রাক্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ কার্যকালতহে পােনপ্ৰথমবাৰৰ বাবে বিশেষ গুৰুত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। উত্তৰ-পূব উন্নয়ন মন্ত্রালয় গঠনেৰে অঞ্চলটোলৈ ৯০১০ অনুপাতত পুঁজি আবণ্টনৰ ব্যৱস্থাৰ সুচনা কৰি প্রাক্তন প্রধানমন্ত্রীগৰাকীয়ে আৰম্ভ কৰা এই প্রক্রিয়াটোক নৰেন্দ্র মােদী নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰখনে এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হৈছে।
অতুলনীয় প্রাকৃতিক সৌন্দৰ্যৰ আকৰ ডিমা হাচাও জিলাৰ উমৰাছুৰ দৰে স্থানৰ উদাহৰণ দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে উত্তৰ-পূর্বাঞ্চলত এনেধৰণৰ বহুবােৰ অতুলনীয় পর্যটনস্থলী আছে যদিও উপযুক্ত যাতায়াত-যােগাযােগ ব্যৱস্থাৰ অভাৱত সেইবােৰে পর্যাপ্ত প্রচাৰ আৰু প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হােৱা নাই। অঞ্চলটোৰ পর্যটন খণ্ডৰ বিকাশৰ বাবে সেয়ে এনে অঞ্চলসমূহক সামৰি পথ নেটৱৰ্কৰ বিকাশ সাধনৰ গত্যন্তৰ নাই বুলি উল্লেখ কৰি উত্তৰ-পূবৰ পথ আন্তঃগাঁথনিৰ বিকাশৰ বাবে অধিক বিনিয়ােগত অগ্রাধিকাৰ প্রদান কৰিবলৈ তেওঁ কেন্দ্রীয় মন্ত্রী ৰেডীৰ প্রতি আহ্বান জনায়।
উত্তৰ-পূর্বাঞ্চলত থকা ঐতিহাসিক, ধর্মীয় আৰু প্রাকৃতিক পর্যটনস্থলীসমুহলৈ অধিকসংখ্যক পর্যটক আকর্ষণ কৰা তথা উপযুক্ত বিপণনৰ স্বাৰ্থত “ব্ৰেণ্ড নর্থ-ইষ্ট ধাৰণাৰ প্ৰসাৰৰ ওপৰত মুখ্যমন্ত্রীয়ে গুৰুত্ব আৰােপ কৰে। অঞ্চলটোৰ কেউখন ৰাজ্যই একেলগে কাম কৰিলে পৰৱর্তী পাঁচ বছৰৰ ভিতৰত এইখণ্ডত আমি আকাংক্ষিত পৰিৱৰ্তন আনিবলৈ সক্ষম হ’ম বুলি তেওঁ আশা প্রকাশ কৰে।
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পর্যটন আৰু সাংস্কৃতিক মন্ত্রীসকল তথা বিভাগ দুটাৰ শীর্ষ বিষয়াসকলক দুদিনীয়া এই সন্মিলনলৈ আদৰণি জনাই অঞ্চলটোৰ বিকাশৰ স্বাৰ্থত এনে গুৰুত্বপুর্ণ পদক্ষেপ হাতত লােৱাৰ বাবে তেওঁ ভাৰত চৰকাৰৰ পর্যটন মন্ত্রালয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্রীৰ উপস্থিতিত অনুষ্ঠানত পর্যটন মন্ত্রালয় আৰু ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যন (আই আৰ চি টি চি)ৰ মাজত দেশীয় পর্যটনৰ প্ৰসাৰৰ বাবে এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়। কাইলৈ অন্ত পৰিবলগীয়া এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ পর্যটন আন্তঃগাঁথনিৰ বিকাশ, বিপণন, প্রসাৰ আৰু দক্ষতা উন্নয়ন, স্বাধীনতাৰ অমৃত মহােৎসৱ আৰু উত্তৰ-পূব সপ্তাহ, পর্যটনৰ প্ৰসাৰৰ বাৰে উত্তৰ-পূবৰ মােবাইল আৰু ইণ্টাৰনেট সংযােগ উন্নীতকৰণ, দেশৰ বাকী অংশৰ লগত উত্তৰ-পূবৰ আকাশীপথ, স্থলপথ আৰু ৰে’লপথৰ সংযােগ বৃদ্ধি, স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ পর্যালােচনা, কৌশল বিকাশ আৰু মানৱ সম্পদ উন্নয়ন কার্যসূচী, দুঃসাহসিক ক্ৰীড়াৰ পৰিচালনা আৰু সুৰক্ষা বিষয়ক বাধ্যবাধকতা, উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটনৰ ডিজিটেল প্রসাৰ আৰু বিপণন আদি বিভিন্ন দিশ সামৰি লােৱা হ’ব।
লগতে পঢ়ক : মাত্ৰ ৮ বছৰ বয়সতে এপ নিৰ্মাণ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে নাগালেণ্ডৰ এটি শিশু
ভাৰত চৰকাৰৰ পর্যটন মন্ত্ৰালয়ৰ সচিব অৰবিন্দ সিঙে আদৰণী ভাষণ প্রদান কৰা আজিৰ অনুষ্ঠানত কেন্দ্রীয় পর্যটন, সংস্কৃতি তথা উত্তৰ-পূব উন্নয়ন দপ্তৰৰ মন্ত্রী জি কিষাণ ৰেড্ডী, কেন্দ্রীয় সংস্কৃতি তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অর্জুন ৰাম মেঘৱাল আৰু কেন্দ্রীয় পর্যটন তথা প্রতিক্ষা দপ্তৰৰ ৰাজ্যিক মন্ত্রী অজয় ভাটেও ভাষণ প্রদান কৰে। অনুষ্ঠানত পর্যটন মন্ত্ৰালয়ৰ সঞ্চালকপ্রধান গাঞ্জি কমলা বর্ধনা ৰাও, অতিৰিক্ত সঞ্চালকপ্রধান ৰূপিন্দৰব্ৰাৰৰ লগতে ভাৰত চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ শীর্ষ বিষয়াসকল, মুখ্য সচিব জিষ্ণু বৰুৱা প্ৰমুখ্যে অসম চৰকাৰৰ শীর্ষ বিষয়াসকল আৰু উত্তৰ-পূবৰ আঠোখন ৰাজ্যৰ পর্যটন আৰু সাংস্কৃতিক বিভাগৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্রহণ কৰে।