নিউজ ডেস্কঃ কোভিড সৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে দুৰ্গাপূজা। মহানগৰীতো উলহ-মালহেৰে পালন কৰা হৈছে দুৰ্গা পূজা। মালিগাঁৱৰ পাণ্ডু কামাখ্যা কলনী সাৰ্বজনীন দুৰ্গা পূজা কমিটীয়ে এইবাৰ সম্পূৰ্ণ কৰিলে ৫৯ বছৰ। প্লাইউদ ৰং দি এইবাৰ নিৰ্মাণ কৰিছে পূজা মণ্ডপ।
ঐতিহাসিক পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ দুৰ্গা পূজাৰ সময়ত মা কামাখ্যাৰ আশীষ ল’বলৈ দেৱালয়লৈ সমাগম ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ । দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই সদৰী কৰা অনুসৰি, চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম মানি এইবাৰো কামাখ্যা দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । কামাখ্যাৰ মূলপীঠতে আয়োজন কৰা হয় দুৰ্গা পূজাৰ । দেৱালয়ত মূৰ্তি পূজা কৰা নহয় আৰু সেয়ে মূৰ্তি বিসৰ্জনো কৰা নহয় । দুৰ্গা পূজাৰ অংশ হিচাপে নৱৰাত্ৰিৰ পৰা কুমাৰী পূজা আৰম্ভ হৈছে । মুঠ ৪৫ গৰাকী কুমাৰীক পূজা কৰা হ’ব । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বলি-বিধানো দিয়া হ’ব । দেৱালয়ৰ তৰফৰ পৰা সপ্তমীৰ পৰা নৱমীলৈ ৪ টা ম’হ বলি দিয়া হ’ব ৷ ৰাইজৰ ফালৰ পৰা কিমান ম’হ বলি দিয়া হ’ব এতিয়ালৈ দেৱালয় কৰ্তৃপক্ষৰ হাতত হিচাপ নাই । তেওঁ লগতে এইবাৰ ক’ভিডৰ বাবে আগতকৈ ভক্তৰ সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে ৷

মহাসপ্তমীৰ দিনা শিলচৰৰ উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা৷ উত্তৰ-পূৱৰ ঐতিহ্যমণ্ডিত উধাৰবন্দৰ কাঁচাকান্তি মন্দিৰ দৰ্শন কৰি মন্দিৰত পূজা-অৰ্চনা কৰাৰ লগতে কাঁচাকান্তি বিদ্যামন্দিৰ বিদ্যালয় পৰিদর্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ উল্লেখ্য যে, এই বিশেষ পূজাখনলৈ আমন্ত্ৰণ জনোৱা হৈছিল মুখ্যমন্ত্ৰী শৰ্মাক ৷ কিয়নো কিছুদিন পূৰ্বে শিলচৰত উপস্থিত হৈ এইবাৰ সপ্তমী পূজা শিলচৰত উপভোগ কৰিব বুলি মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৷
লগতে পঢ়কঃপূজা মণ্ডপৰ জৰিয়তে ক’ভিড যোদ্ধাৰ প্ৰতি সন্মান প্ৰদৰ্শন
আড়ম্বৰপূৰ্ণভাৱে চিৰাঙৰ বাসুগাঁৱত আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ মহা সপ্তমী ৷ বাসুগাঁৱৰ উপৰিও জিলাখনৰ বিভিন্ন প্ৰান্তৰ 126 টা স্থানত উদযাপন কৰা হৈছে এইবাৰৰ দুৰ্গা পূজা ৷ জিলাখনৰ সুভাস নগৰৰ পূজা মণ্ডপত এইবাৰ স্থান পাইছে ক’ভিড প্ৰতিষেধকে ৷ ৰাইজক সজাগ তথা সচেতন কৰাৰ স্বাৰ্থত ক’ভিড প্ৰতিষেধকৰ প্ৰতীকী চিহ্নৰে সজাই-পৰাই তোলা হৈছে এই বিশেষ পূজা মণ্ডপ স্থলী ৷
ৰজাদিনীয়া পৰম্পৰাৰে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত হৈছে শাৰদীয় দূৰ্গা পূজা। পৰম্পৰা অনুসৰি মহা ষষ্ঠী পূজাৰ দিনাই সন্ধিয়া দেৱালয় খনৰ কাষতে থকা হাদী গাঁৱৰ এডাল বিশেষ বেল গছৰ পৰা পূজা-অৰ্চনা কৰি গছৰ এযোৰ বেল দেৱালয় খনলৈ লৈ অনা হয়৷দেৱালয়ৰ পুৰোহিতৰ দল এটাই আয়তিৰ উৰুলি তথা ঢোলে ডগৰে হাদী গাঁৱৰ বেল গছৰ পৰা বেল লৈ অহাটো এটা পৰম্পৰা৷ তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণে ১৭০০ শতিকাত আৰম্ভ কৰা এই পূজাৰ সময়ত এই গাওঁখনৰ বিশেষ বেল গছৰ পৰা বেল দেৱালয় খনলৈ লৈ অনাৰ প্ৰবাদ আছে ৷ বেলবৰণৰ পিছতে আজি গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৰজা দিনীয়া পৰম্পৰাৰে অনুস্থিত হৈছে শাৰদীয় দূৰ্গা পূজাৰ সপ্তমী পূজা ৷