গুৱাহাটী : দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ ১০ মাইলৰ আদর্শ নগৰবাসী এএনএম নাৰ্ছ ডেইজি দাসৰ গৃহলৈ গৈ ক’ভিড টীকাকৰণ অভিযানত উৎসর্গিত মনােভাৱ আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়াই দৃষ্টান্তমূলক নিদর্শন দাঙি ধৰাৰ বাবে তেখেতৰ লগতে এএনএম নাৰ্ছ গৰিমা দাস আৰু জোনাকী দৈমাৰীক সম্বর্ধনা জনায়।
উল্লেখ্য যে এই তিনিওগৰাকী এএনএম নাৰ্ছ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত টীকাকৰণ অভিযানৰ সময়ত অতি নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে য’ত এতিয়লৈকে মুঠ ৬৮৩৪৩ টা টীকা প্রদান কৰা হৈছে। ইয়াৰ পিছত সংবাদ মাধ্যমৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই এএনএম নাৰ্ছ কেইগৰাকীয়ে সমর্পিত মনােভাবেৰে টীকা প্রদান কৰি উৎকৃষ্ট নিদর্শন দেখুৱাইছে। ক’ভিড অতিমাৰীৰ বিৰুদ্ধে চলােৱা যুঁজৰ সময়ত ৰাজ্যখনৰ এনেধৰণৰ ক’ভিড যােদ্ধাসকলে আগবঢ়োৱা অৰিহণাক স্বীকৃতি আৰু সন্মান প্রদর্শনৰ বাবে তেখেতসকলক সম্বর্ধনা জ্ঞাপন কৰা হৈছে।
লগতে পঢ়ক : স্বাধীনতা দিৱস উপলক্ষ্যে জনতাক সজাগ কৰিবলৈ চাইকেল ৰেলী
তেওঁ আশা প্রকাশ কৰি কয় যে অহা ২০ আগষ্টৰ ভিতৰত ১.৫ কোটি টীকা প্রদানৰ যি লক্ষ্য লােৱা হৈছে সেই লক্ষ্যত উপনিত হ’ব পৰা যাব। আজিৰ এই সম্বর্ধনা প্রদানৰ সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ ড° অচ্যুত চন্দ্র বৈশ্য, অধীক্ষক ড° অভিজিত শর্মা উপস্থিত থাকে।