গুৱাহাটী : দিছপুৰৰ নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে নিশাৰ ভাগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হঠাতে উপস্থিত হয় দিছপুৰৰ নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰত।ৰঙ তুলিকাৰ যাদু চাবলৈ নিশাৰ ভাগত দিছপুৰৰ নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰত উপস্থিত হয় মুখ্যমন্ত্ৰী।
৪ নৱেম্বৰত মুকলি হ’ব দিছপুৰৰ উৰণীয়া সেঁতুৰ। দিনে-নিশাই দিছপুৰৰ উৰণীয়া সেঁতু নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক সকল ব্যস্ত। উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্যৰ বুজ লবলৈ বুধবাৰে নিশা নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক সকলৰ লগতে নিশাৰ ভাগত উৰণীয়া সেঁতুৰ ওপৰত ব্যস্ত হৈ পৰে যুৱক-যুৱতীৰ এটা দল।
হাতত ৰঙ তুলিকালৈ এই সকল যুৱক-যুৱতী প্ৰতি নিশাই চিত্ৰ অংকত ব্যস্ত হৈ পৰে নৱ নির্মত উৰণীয়া সেঁতুৰ ওপৰত। উৰণীয়া সেঁতুৰ বেৰত কোনোবাই যদি আঁকিছে বন্য প্ৰাণীৰ চিত্ৰ, কোনোবা আকৌ ইতিমধ্যে আঁকি থোৱা নিজৰ ছবিখনত অন্তিম স্পৰ্শ দিয়াত ব্যস্ত। চিত্ৰ শিল্পী সকলৰ ৰঙ তুলিকাত প্ৰাণ পাই উঠা উৰণীয়া সেঁতুৰ চিত্ৰ সমূহ চাই আপ্লুত হৈ উঠে মুখ্যমন্ত্ৰী।
পোহৰৰ উৎসাহ দেৱালীৰ দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব এই নৱ নিৰ্মিত উৰণীয়া সেঁতু। হাতত সময় নাই গতিকে বুধবাৰে নিশাৰ ভাগত উৰণীয়া সেঁতু নিৰ্মাণ কাৰ্যৰ লগত জড়িত শ্ৰমিক সকলৰ লগতে এই সকল যুৱক-যুৱতী নিজৰ কাম সম্পূৰ্ণ কৰাৰ বাবে উঠি পৰি লাগে। দিনে-নিশাই কষ্ট কৰি উৰণীয়া সেঁতুখনত চিত্ৰ অংকন কৰা এই সকল যুৱক-যুৱতীৰ ৰাইজলৈ আহ্বান, যাতে পান আৰু গুটখা খাই উৰণীয়া সেঁতুৰ ওপৰত ৰাইজে নিপিকাই।
লগতে পঢ়ক : তেজপুৰত অবৈধ জুৱা-তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
লিভিং আৰ্ট নামৰ এটা সন্থাৰ প্ৰায় ২০ গৰাকী যুৱক-যুৱতীয়ে যোৱা ৫ অক্টোবৰৰ পৰা এই নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ বেৰত চিত্ৰ অংকন আৰম্ভৰ কামত ব্যস্ত হৈ আছে। অসমৰ কলা-সংস্কৃতিৰ লগতে ভাৰতৰ প্ৰতিখন ৰাজ্যৰ কলা-সংস্কৃতি এই উৰণীয়া সেঁতুৰ বেৰত ছবিৰ জৰিয়তে প্ৰতিফলিত কৰাৰ চেষ্টা কৰিছে এই শিল্পী সকলে। ইতিমধ্যে চিত্ৰ অংকৰ কাম সম্পূৰ্ণ হৈছে আৰু বুধবাৰে নিশা ছবি সমূহত অন্তিম স্পৰ্শ দিয়ে চিত্র শিল্পী সকল।