গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম ষ্টার্ট-আপ দ্য নেষ্ট (ইনকুবেশ্যন চেণ্টাৰ)ৰ ক’হ’র্ট ৩.০ আৰু ট্রেইলব্লাজাৰ্ছ ২.০ কার্যসূচীৰ শুভাৰম্ভ কৰে। অসম ষ্টার্ট-আপ নীতি ২০১৭ অধীনত স্থাপন কৰা দ্য নেষ্টে উদীয়মান উদ্যোগীসকলক তেওঁলােকৰ ষ্টার্ট-আপৰ সপােন বাস্তবায়িত কৰাৰ এক অনুকূল পৰিৱেশ প্ৰদান কৰি অহাৰ উপৰি অসমৰ অর্থনৈতিক উন্নয়নতাে অৰিহণা যােগাই আহিছে। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে তেখেতৰ স্বাধীনতা দিৱসৰ ভাষণত ষ্টার্ট-আপৰ দ্বাৰা পৰিচালিত অর্থনৈতিক ভৱিষ্য দৰ্শনৰ কথা উল্লেখ কৰিছে যাতে ব্যাপক সংস্থাপন সৃষ্টিৰে দেশৰ অর্থনৈতিক প্রগতি তথা বিকাশত অৰিহণা যােগাব পৰা যায়।

প্রধানমন্ত্রী এই সপােন নেষ্টৰ লেখীয়া ইনকুবেশ্যন চেণ্টাৰৰ জৰিয়তে বাস্তৱায়িত কৰিব পৰা যাব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলে নিজে চাকৰি বিচৰাতকৈ নিজৰ অধীনত চাকৰি সৃষ্টিৰ দিশত অর্থৱহ অৰিহণা আগবঢ়াব পাৰিব। দ্য নেষ্টৰ জৰিয়তে ৩৯ সংখ্যক ষ্টার্ট-আপে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম হৈছে আৰু সৰ্বমুঠ ৪২ কোটি টকাৰ ৰাজহ লাভ কৰিবলৈ এই প্রতিষ্ঠানে সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সফলতা লাভ কৰা ষ্টার্ট-আপসমূহক অভিনন্দন জ্ঞাপন কৰাৰ উপৰি অসমৰ এই যুৱ উদ্যোগীসকলক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় স্তৰত বৃহৎ সাফল্য লাভৰ পথ প্রশস্ত কৰাৰ বাবে অহােপুৰুষাৰ্থ কৰাৰ আহ্বান জনায়।

ষ্টার্ট-আপ পাৰিপাৰ্শ্বিক অৱস্থা এটা অসমত আৰম্ভ কৰাৰ বাবে দ্য নেষ্টে লােৱা পদক্ষেপৰাে মুখ্যমন্ত্ৰীয়ে শলাগ লয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে ভাৰতবৰ্ষৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি।উদ্যোগীসকলক সহায় কৰাৰ বাবে এখন নতুন ঔদ্যোগিক নীতি-২০২১ প্রস্তুত কৰাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগক পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে কয়। ষ্টার্ট-আপত বেংকসমূহে বিনিয়ােগ কৰাৰ দিশত অনিহা প্রকাশৰ দিশটো উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ঔদ্যোগিক নীতিৰ জৰিয়তে ষ্টার্ট-আপক চৰকাৰে সামর্থতা প্রদান কৰিলে বিত্তীয় প্রতিষ্ঠানসমূহে ষ্টার্ট-আপত বিনিয়ােগ কৰাৰ বাবে আগ্রহী হৈ উঠিব।

ষ্টার্ট-আপসকলক ৰাজ্যখনৰ ভােত জলকীয়া, চাহ, কাজি নেমু, জহা চাউল ইত্যাদিৰ লেখীয়া কৃষিজাত সামগ্ৰীৰ ওপৰত বিশেষ গুৰুত্ব প্রদানৰ বাবে আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ কৃষিউদ্যানজাত খণ্ড শক্তিশালীকৰণ তথা এই দিশত ৰাজ্যখনে বহন কৰা সম্ভাৱনীয়তাসমূহৰ পূর্ণ বিকাশ সাধনৰ দিশত মনােনিৱেশ কৰিবলৈ আহ্বান জনায়। পাৰিপাৰ্শ্বিক অনুকূল উপার্জনৰ সা-সুবিধা বৃদ্ধিৰ বাবে ষ্টার্ট-আপৰ জৰিয়তে বনগাঁওসমূহত বসবাস কৰা জনসাধাৰণেও উপকৃত হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয়।অনুষ্ঠানত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কিছুসংখ্যক যুৱ ষ্টার্ট-আপৰ স্বত্বাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি তেওঁলােকে কৰা উৎপাদনৰ নমুনা তথা ব্যৱসায়িক ধাৰণাসমূহৰ বিষয়েও বুজ লয়।

লগতে পঢ়ক :  এইবাৰ অখিলৰ বিৰুদ্ধে অন্য গৰাকী আমিনুল ইছলামৰ বিস্ফোৰণ

অনুষ্ঠানত ভাষণ প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰীয়ে কয় যে আছাম ষ্টার্ট-আপ ইনকুবেশ্যন চেণ্টাৰে সফলতাৰ দিশত এক বৃহৎ খােজ পেলাবলৈ সক্ষম হৈছে। ষ্টার্টআপৰ প্ৰশিক্ষার্থীসকলক সহায়-সহযােগিতা আগবঢ়াবৰ বাবে ৰাজ্যিক তথা কেন্দ্রীয় ৰাজহুৱা প্ৰতিষ্ঠানৰ সৈতে যােগাযােগ চলাই থকা হৈছে বুলিও তেওঁ কয়। অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰধান সচিব কে কে দ্বিবেদী, আই আই এম কলকাতা ইন’ভেশ্যন চেণ্টাৰৰ মুখ্য কাৰ্যবাহী বিষয়া শুভ্রাংশু স্যান্যালেও বক্তব্য প্রদান কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply