গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্বশর্মাই দেওবাৰে অসমীয়া চৈয়দ কল্যাণ ন্যাসৰ প্রথম বর্ষপূর্তি উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়ােজিত সাহিত্যাচার্য, পদ্মভূষণ চৈয়দ আব্দুল মালিকৰ স্মৃতিচাৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি সাহিত্যচার্যগৰাকীয়ে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অনন্য বৰঙনিৰ স্মৃতিচাৰণ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে চৈয়দ আব্দুল মালিকৰ সৃষ্টি আৰু কমই অসমীয়া জাতিক সদায়ে প্রেৰণা যােগাই যাব। এইগৰাকী মহান মনীষীয়ে অসমীয়া ভাষা-সাহিত্য তথা সংস্কৃতিলৈ অনন্য বৰঙনি যােগাই গৈছে। ন্যাসৰ দ্বাৰা চলােৱা এই প্রয়াসে নৱ প্ৰজন্মক এইগৰাকী মহান সাহিত্যিক বিষয়ে জনাৰ সুযােগ প্রদান কৰাৰ উপৰি তেখেতৰ সৃষ্টিৰাজিৰে অসমীয়া ভাষা-সাহিত্যৰ উত্তৰণৰ দিশত বৰঙনি যােগোৱাৰ বাৰে প্রেৰণা প্রদান কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
সাহিত্যৰ বিভিন্ন ক্ষেত্রলৈ তেখেতে আগবঢ়োৱা অৱদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী নমস্য সাহিত্যিকে পদ্মশ্রী, পদ্মভূষণ, সাহিত্য অকাডেমী বঁটা, সাহিত্য অকাডেমী ফেল শিপকে ধৰি বিভিন্ন সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ‘না নতনু ভাল’ৰ জৰিয়তে সাহিত্যিকগৰাকীয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ধৰ্ম আৰু দর্শন শক্তিশালীভাৱে সাহিত্যৰ মাধ্যমেৰে তুলি ধৰিছিল বুলিও মুখ্যমন্ত্ৰীয়ে কয়। অসমীয়া জাতি গঠনৰ প্ৰত্ৰিত অসমীয়া মুছলমান সমাজৰ যথেষ্ট বৰঙনি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মুছলমান সমাজ আৰু হিন্দু সমাজৰ মাজত পূর্বৰে পৰা থকা সমন্বয়ৰ সাঁকোখন এতিয়াও শক্তিশালী হৈ আছে। জিকিৰ আৰু জাৰিৰ জৰিয়তে আজান ফকীৰে সমন্বয় আৰু ভাতৃত্ববােধন বাণী প্রচাৰ কৰি গৈছে যিবােৰে আমাৰ সাংস্কৃতিক জীৱনধাৰাকো শক্তিশালী কৰি তুলিছে। আজান পীৰৰ আদৰ্শ আমি ধৰি ৰাখিব পাৰিলে সমাজখনক আৰু অধিক সুশৃংখলিত কৰিব পৰা যাব।
লগতে পঢ়ক : গৰুখুটিৰ উচ্ছেদ আৰু ভূমি কেলেংকাৰীক লৈ প্ৰথমদিনাই সদন উত্তাল
তেওঁ লগতে কয় মে অসমীয়া মুছলমানৰ আৰ্থ-সামাজিক অৱস্থাৰ উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে সমিতি গঠনন কৰিছে। এই সমিতিৰ প্রতিবেদন পােৱাৰ পিছত সমিতিয়ে জনােৱা পৰামর্শ অনুসৰি যথাযথ পদক্ষেপ লােৱা হ’ব। “চিৰদিন মই অসমীয়া” আদৰ্শৰে আমি সকলােৱে সন্মিলিতভাৱে আমাৰ ভৱিষ্যৎ শক্তিশালী কৰাৰ দিশত অৰিহণা যােগাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। নর্থ ইষ্ট লাইভ চেনেলৰ মুখ্য সম্পাদক ৱাছবীৰ হুছেইনে আদৰণি ভাষণ প্রদান কৰা এই অনুষ্ঠানত উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈকি সচিব জয়ন্তমল্ল বৰুৱা, বিশিষ্ট সাহিত্যিক ড° গােবিন্দ প্রসাদ শর্মা, ন্যাসৰ সভাপতি আব্দুল বছিদ আহমেদ প্রমুখে। গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে চৈয়দা চামিমা ৰেজিনক চৈয়দা ভায়েনা টাস্কি উতাৰ বঁটা প্ৰদান কৰে।