গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামত ভাৰতীয় প্রতিক্ষা গৱেষণা সংস্থা (ডি আৰ ডি অ’)ৰ দ্বাৰা ক’ভিড ৰােগীৰ বাবে নিৰ্মাণ কৰি থকা ৩০০ বিচনাযুক্ত চিকিৎসালয়খন পৰিদৰ্শন কৰি নির্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়।ইয়াৰ পিছত সাংবাদিকৰ সৈতে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় প্রতিক্ষা গৱেষণা প্রতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰে সৰুসজাইত এখন ৩০০ বিচনাযুক্ত হাস্পতাল নির্মাণৰ বাবে বুজাবুজিৰ চুক্তি কৰিছিল। এই হাস্পতালখনত ১০০ টা আই চি ইউ আৰু ২০০ খন অক্সিজেনযুক্ত বিচনা থাকিব।
তেওঁলােকে নির্মাণ সম্পূর্ণ কৰি এই হাস্পতালখন ৰাজ্য চৰকাৰক গতাই দিব।

অহা জুন মাহৰ ৮ বা ৯ তাৰিখে হাস্পতালখন শুভাৰম্ভ কৰা হ’ব। আজি তেওঁ এই কামৰ অগ্ৰগতিৰ খতিয়ান লােৱাৰ কখা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় অহা জুন মাহৰ ৪ তাৰিখৰ ভিতৰত হাস্পতালখন প্রতিষ্ঠানটোৱে ৰাজ্য চৰকাৰক গতাই দিব। ক’ভিড আক্ৰান্তৰ সংখ্যা আৰু ক’ভিডত আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা হ্রাস কিছুদিনৰ ভিতৰতে পাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে। কামৰূপ মহানগৰ জিলাৰ ১২ লাখ প্রতিষেধক ল’বলগীয়া ব্যক্তিৰ ভিতৰত ৫ লাখক ভেকচিন প্রদান কৰি এই দিশত সফলতা লাভ কৰা হৈছে বুলিও তেওঁ কয়।

লগতে পঢ়ক : বি টি আৰত অৰুণােদয় আৰু স্বয়ম আঁচনি ৰূপায়ণৰ প্রস্তুতি পর্যালােচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

ঠিক তেনেদৰে ডিব্ৰুগড়, তিনিচুকীয়া দৰে ক’ভিডৰ ব্যাপক সংক্রমণ হােৱা নগৰ-চহৰত ক’ভিড প্রতিষেধক প্রদানৰ কাম দ্রুততাৰে চলাই যােৱাৰ বাবে ইতিমধ্যে নির্দেশ দিয়া হৈছে বুলিও তেওঁ কয়। অহা ৭ জুনলৈকে জনসাধাৰণক এই দিশত এক ভাল ফলাফল দিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,917 other subscribers

Leave a comment

Leave a Reply