গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এক বৈঠকত ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ কাম-কাজৰ পর্যালােচনা কৰি আগন্তুক বাৰিষা কালৰ বাবে বিভাগে লােৱা প্রস্তুতিৰ বিতং বুজ লয়। জিলা প্রশাসনসমূহে বানাক্ৰান্তসকলৰ বাবে কাপােৰ-কানি, বাচন-বৰ্তন তথা অন্যান্য দৰকাৰী সামগ্রী ক্ৰয়ৰ ক্ষেত্ৰত পুঁজি আৱণ্টনৰ বিলম্বতাৰ দিশটো উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বানাক্ৰান্তসকলৰ বাবে এই পুঁজি আৱণ্টন যাতে খৰতকীয়াকৈ হয় তাৰ বাবে জিলা উপায়ুক্তসকলৰ ওপৰত এই দায়িত্ব অর্পণ কৰাৰ নির্দেশ দিয়ে।

বৈঠকত মুখ্যমন্ত্ৰীয়ে আশ্রয় শিৱিৰৰ সংজ্ঞাৰ পৰিসৰ বৃদ্ধিৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে যাতে আশ্রয় শিৱিৰৰ আৱাসীসকলকে ধৰি বান ক্ষতিগ্রস্ত সকলাে লােককে হিতাধিকাৰীৰ তালিকাত অন্তর্ভূক্ত কৰি সাহায্য আগবঢ়াব পৰা যায়। বানপানীৰ ক্ষয়-ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ সম্বন্ধীয় সকলাে কাম-কাজ সন্দৰ্ভত চক্ৰ বিষয়াক ন’ডেল বিষয়া হিচাপে লৈ এক ছিংগল উইণ্ড’ ব্যৱস্থাৰ জৰিয়তে কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে বিভিন্ন বিভাগ তথা সংস্থা জড়িত হৈ থাকিলে হিতাধিকাৰীসকললৈ পুঁজি আৱণ্টনৰ প্রক্রিয়া বিলম্ব হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে কয় যে এছ ডি আৰ এফৰ অধীনত সকলাে জৰুৰী প্ৰকল্পৰ কাম এটা বিত্তীয় বৰ্ষৰ ভিতৰতে সম্পূর্ণ কৰিব লাগিব। দুটাকৈ বিত্তীয় বর্ষ অতিক্রম কৰা এছ ডি আৰ এফৰ অধীনৰ সকলাে জৰুৰী প্ৰকল্পৰ কাম বন্ধ কৰি আৱণ্টিত ঠিকাসমূহ বন্ধ কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

এতিয়াৰ পৰা প্রতি বছৰৰ ৩১ মার্চৰ ভিতৰতে এনে প্ৰকল্পৰ কাম সম্পূর্ণ কৰাৰ বাবে স্থায়ী নির্দেশনা প্রদান কৰিব লাগিব বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই লগতে কয় যে সর্বোচ্চসংখ্যক হিতাধিকাৰীক সাহায্য প্রদানৰ দিশত বিলম্ব নকৰি স্বচ্ছতা বজাই ৰাখি কাম কৰাটো বিভাগ আৰু জিলা প্রশাসনৰ মূল দায়িত্ব হব লাগিব। বৈঠকতে মুখ্যমন্ত্ৰীয়ে ঔষধ‌ আৰু অন্যান্য সামগ্ৰী সমূহ উপায়ুক্তসকলে আগতীয়াকৈ ক্ৰয় কৰাৰ নির্দেশ জাৰি কৰিবলৈ ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগক নির্দেশ দিয়ে।

লগতে পঢ়ক : অসম আৰক্ষীৰ মুখ্য কার্যালয় পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই

বৈঠকত মুখ্যমন্ত্ৰীয়ে পুঁজিৰ যাতে যথাযথ ব্যৱহাৰ সম্ভৱ হয় তাৰ বাবে প্রকৃত বানাক্ৰান্ত এলেকা চিনাক্তকৰণৰ বাবে চেটেলাইট মেপিং মেকানিজিমৰ সৈতে বিভাগক ডাটাৰ সাদৃশ্যকৰণৰ ব্যৱস্থা ল’বলৈও নির্দেশ দিয়ে। বানৰ ক্ষয়-ক্ষতি হ্রাস তথা সাহায্য যাতে বিলম্ব নকৰাকৈ প্ৰদান কৰিব পৰা যায় তাৰ বাবে বান প্রতিৰােধী ব্যৱস্থাসমূহ বাৰিষাৰ আগতে সক্রিয়ভাৱে কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply