গুৱাহাটী : ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ বুজ লােৱাৰ উদ্দেশ্যেৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলাবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত জ্যেষ্ঠ মন্ত্রী আৰু শীর্ষ বিষয়াসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।
উক্ত বৈঠকত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্রী কেশৱ মহন্ত আৰু স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলক ক’ভিডৰ ব্যাপক সংক্রমণ হােৱা জিলাসমূহ ভ্ৰমণ কৰি ক’ভিড চিকিৎসাৰ আন্তঃগাঁথনিকে ধৰি প্ৰয়ােজনীয় সকলাে ব্যৱস্থাৱলীৰ বুজ লােৱাৰ বাবে নির্দেশ দিয়ে।
বৈঠকত মুখ্যমন্ত্ৰীয়ে ক’ভিডৰ টীকা প্রদান কৰা কেন্দ্ৰসমূহত যাতে সামাজিক ব্যৱধান, ক’ভিড আচৰণ বিধি সম্পূৰ্ণৰূপে মানি চলা হয় সেয়া নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিডৰ সংক্রমণ প্রতিৰােধ কৰাৰ বাবে স্বাস্থ্য, আৰক্ষী, দুর্যোগ ব্যৱস্থাপনা বিভাগক উমৈহতীয়াভাৱে এটা টীমৰ মানসিকতাৰে কাম কৰাৰ বাবে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ক’ভিড আচৰণ বিধি যাতে সমাজৰ সকলাে শ্ৰেণীৰ জনসাধাৰণে সঠিকভাৱে মানি চলে সেই সম্পর্কে উপযুক্ত জনসচেতনতা সৃষ্টি কৰাৰ ওপৰতাে গুৰুত্ব আৰােপ কৰে।
লগতে পঢ়ক : খুমটাইৰ শাঁওতলী চাহ বাগিচাত কোৰোনাৰ গণ সংক্ৰমণ
বৈঠকত স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকলে ৰাজ্যখনৰ ক’ভিডৰ শেহতীয়া সংক্রমণ, স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত গ্ৰহণ কৰা যাৱতীয় পদক্ষেপ, টীকাকৰণ ইত্যাদিৰ সবিশেষ মুখ্যমন্ত্ৰীক অৱগত কৰে। বৈঠকত মন্ত্রী কেশৱ মহন্ত আৰু যােগেন মহন, মুখ্য সচিব জিষ্ণু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব অবিনাশ যােশী, স্বাস্থ্য বিভাগৰ প্ৰধান সচিব অনুৰাগ গােৱেল, মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্রসাদ গুপ্তা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি শীর্ষ বিষয়াসকল উপস্থিত থাকে।