গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সমাজ কল্যাণ বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান লয়। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এই পর্যালােচনা বৈঠকত মুখ্যমন্ত্ৰীয়ে জন্মৰ পৰা ছয় বছৰ বয়সৰ প্ৰতিগৰাকী হিতাধিকাৰী শিশুক বছৰটোৰ ৩০০ দিনে পুষ্টিদায়ক খাদ্য যােগানৰ লক্ষ্য নিশ্চিতভাৱে পূৰণ কৰাৰ বাবে বিভাগৰ বিষয়াসকলক নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে বিভাগৰ বিভিন্ন কামত নিয়ােজিত অসাধু ঠিকাদাৰসকলৰ কৱলৰ পৰা বিভাগক মুক্ত কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়াৰ লগতে বিভাগৰ প্ৰতিটো কাম যাতে স্বচ্ছভাৱে ৰূপায়িত কৰি বিভাগটোৰ প্রতিচ্ছৱি উজ্জ্বল ৰূপত দাঙি ধৰিব পৰা যায় তাৰ বাবে বিহিত ব্যৱস্থা লােৱাৰ বাবেও নির্দেশ দিয়ে।

যােগানকাৰীসকলৰ একনায়কত্ত্ব, বিভাগৰ এচাম বিষয়াসকলৰ সৈতে থকা অসাধু সম্পর্ক ৰােধ কৰি বিভাগৰ ক্ৰয় ব্যৱস্থাটো স্বচ্ছ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে চাউল ক্ৰয়ৰ দিশত স্বেচ্ছাসেৱী সংস্থাৰ সলনি ভাৰতীয় খাদ্য নিগমৰ পৰা ক্ৰয় কৰাৰ চিন্তা-চৰ্চা কৰিবলৈও নির্দেশ দিয়ে। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে শিশুৰ পৰিপুষ্টি আৰু সুষম বিকাশৰ সৈতে কোনােধৰণৰ আপােচ কৰা নহ’ব আৰু এই দিশত বেয়া কাম কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে নিজৰ স্থানত তিনিবছৰ সম্পূৰ্ণ কৰা সকলাে শিশু উন্নয়ন প্রকল্প বিষয়াক বদলিকৰণৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে আৰু এই ক্ষেত্ৰত কোনােধৰণৰ আপােচ কৰা নহ’ব বুলিও তেওঁ কয়।

বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে লােক নির্মাণ বিভাগৰ লগত আলােচনা কৰি ৰাজ্যখনৰ সকলােবােৰ অংগনবাড়ী কেন্দ্র পুনৰ নিৰ্মাণ কৰাৰ বাবেও নির্দেশ দিয়ে। এই কেন্দ্রসমূহক শিশু প্রযত্নৰ ডেমনস্ট্রেটিভ চেন্টাৰ হিচাপে ৰূপান্তৰ কৰাৰ বাবেও তেওঁ নির্দেশ দিয়ে। এই প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে এই অংগনবাড়ী কেন্দ্রসমূহৰ নিৰ্মাণৰ নক্সা সম্পূর্ণ বিজ্ঞান সন্মত হ’ব লাগিব যাতে কেন্দ্রসমূহত শিশুসকলে স্বাস্থ্যসন্মত বাতাবৰণত নিজৰ বিকাশৰ সকলাে সা-সুবিধা লাভ কৰিব পাৰে। বৈঠকত মুখ্যমন্ত্ৰীয়ে লগতে বিভাগৰ পুঁজি ব্যয় বৃদ্ধি কৰাৰ প্ৰয়ােজন বুলিও মত পােষন কৰে। তেওঁ লগতে কেন্দ্রীয় চৰকাৰক নিৰ্ধাৰিত সময়ৰ ভিত পুঁজি ব্যয়ৰ প্রমাণ পত্র দাখিল কৰাৰ বাবেও নির্দেশ দিয়ে যাতে কেন্দ্রীয় চৰকাৰৰ পৰা আৰু অধিক এই শিতানত পুঁজি লাভ কৰিব পৰা যায়।

আৰু পঢ়কঃ শ্বহীদ ভােগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত অক্সিজেন যুক্ত বিচনাৰ শুভ উদ্ধোধন

শেহতীয়া কেবিনেট বৈঠকত “দীনদয়াল দিব্যাংগজন পেঞ্চন আঁচনিৰ পুঁজি প্রতিমাহৰ ১০ তাৰিখৰ ভিতৰত প্ৰদানৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই লক্ষ্য পূৰণৰ বাবে বিভাগক নির্দিষ্ট কার্যপ্রণালী প্রস্তুত কৰি তােলাৰ বাবেও নির্দেশ দিয়ে। আজিৰ পর্যালােচনা বৈঠকত সমাজ কল্যাণ বিভাগৰ মন্ত্রী অজন্তা নেওগ, মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, সমাজ কল্যাণ বিভাগৰ সচিব মনােজ কুমাৰৰ লগতে অন্যান্য শীর্ষ বিষয়াসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply