গুৱাহাটী : চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয়, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ সৈতে দীৰ্ঘসময়জুৰি চলি অহা অসমৰ সীমা বিবাদ সম্পৰ্কে শুকুৰবাৰে বিধানসভাত কেতবোৰ নতুন তথ্য দাঙি ধৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই। সীমা সমস্যা সন্দৰ্ভত শুকুৰবাৰে বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা সদনত মুখ্যমন্ত্ৰীয়ে কয় যে, আচলতে অসমৰ লগত চুবুৰীয়া ৰাজ্যৰ সীমা সমস্যাটো নতুন নহয়। এই সমস্যাটো বহু পুৰণি।
অসমৰ পৰা ফালি যেতিয়া এই নতুন ৰাজ্যসমূহ গঠন কৰা হৈছিল তেতিয়াই পূৱ, পশ্চিম, উত্তৰ, দক্ষিণ সীমা নিৰ্দ্ধাৰণ কৰি নিদিয়াৰ বাবেই আজি এই সীমা সমস্যা সমূহৰ উদ্ভৱ হৈছে। যাৰ বাবে অসম বা চুবুৰীয়া ৰাজ্য সমূহে চাৰ্ভে অফ ইণ্ডিয়াৰ ৰিপ’ৰ্ট চাই নিজৰ সীমা বিচাৰিবলগীয়া হয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। মেঘালয়ৰ সৈতে অসমৰ সীমা সমস্যা জটিল নহয় বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সদনত কয় যে, মেঘালয় আৰু অসমৰ মাজত মাত্ৰ কেইখনখনমান গাঁবকলৈহে সমস্যা চলি আহিছে।
অসম- মেঘালয়ৰ মাত্ৰ বাৰটা বিবদমান স্থান আছে যি সহজেই নিস্পত্তি কৰিব পৰা বিধৰ বুলিও কয় মুখ্যমন্ত্ৰীয়ে। পশ্চিম গাৰো পাহাৰ জিলা, ৰিভয় জিলা আৰু জয়ন্তীয়া পাহাৰ জিলাত অসম-মেঘালয়ৰ মাজত সীমাৰ সমস্যা আছে। চেপ্টেম্বৰ মাহৰ পৰা ইয়াৰে ছটা বিবাদমান স্থানৰ সমস্যা সমাধান কৰা হ’ব। বাকী ছটা স্থানৰ সমস্যা পৰৱৰ্তী সময়ত কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে।
জয়ন্তীয়া পাহাৰ জিলাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰিভয় জিলাৰ বাবে মন্ত্ৰী পীযুষ হাজৰিকা আৰু পশ্চিম গাৰো পাহাৰ জিলাৰ বাবে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নেতৃত্বত একোখনকৈ সমিতি গঠন কৰি দিয়াৰ কথাও সদনত জনায় মুখ্য়মন্ত্ৰীয়ে। আনহাতে, মেঘালয়ৰ সৈতে বিবদমান এই গাঁও সমূহৰ লোকসকল কোনখন ৰাজ্যৰ লগত থাকিব তাক নিৰ্ধাৰণ কৰিবলৈ চাৰিটা নীতি চূড়ান্ত কৰা হৈছে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, খানাপাৰা অঞ্চলত মেঘালয়ে অসম চৰকাৰৰ অনুমতি লৈয়েই দ্ৰোণ উৰুৱাইছিল৷ ইপিনে, নাগালেণ্ডৰ সৈতে অসমৰ সীমা সমস্যা যথেষ্ট জটিল বুলি সদনত প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই।
লগতে পঢ়ক : আইনত পৰিণত হ’ল বহু চৰ্চিত গো সুৰক্ষা বিধেয়ক, ২০২১
অসম-নাগালেণ্ডৰ সীমা সমস্যা উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপতহে সমাধান কৰা সম্ভৱ বুলি কয় মুখ্যমন্ত্ৰীয়ে। একেদৰে মিজোৰামৰ সৈতে সীমা সমস্যা সমাধানৰ দিশে আগবাঢ়িছে যদিও অৰুণাচল প্ৰদেশৰ সৈতে সীমা সমস্যা জটিল হৈয়ে আছে বুলিও মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।