গুৱাহাটী : ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ সমস্যাত পৰিছে ৰাজ্য চৰকাৰ। নেচনেল গ্ৰীণ ট্ৰিবুনেলৰ নিৰ্দেশৰ পিছতে বৰাগাঁৱৰ দীপৰ বিলৰ কাষৰ পৰা ডাম্পিং গ্ৰাউণ্ড আঁতৰাই চন্দ্ৰপুৰত স্থাপন কৰা হৈছিল। ইয়াৰ পিছতে আৰম্ভ হয় চন্দ্ৰপুৰবাসী ৰাইজৰ ধাৰাবাহিক আন্দোলন। চন্দ্ৰপুৰবাসী ৰাইজৰ ধাবাহিক আন্দোলনে ডাম্পিং গ্ৰাউণ্ড স্থাপনকলৈ সমস্যাত পেলাইছে চৰকাৰক।
বিগত প্ৰায় ডেৰ মাহ ধৰি চন্দ্ৰপুৰবাসী ৰাইজে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থপনৰ বিৰোধিতা কৰি প্ৰতিবাদ অব্যাহত ৰখাৰ পিছত চৰকাৰে বিকল্প স্থানৰ সন্ধানত আছে। শনিবাৰে চন্দ্ৰপুৰৰ ডাম্পিং গ্ৰাউণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে কয় যে নেচনেল গ্ৰীণ ট্ৰিবুনেলৰ নিৰ্দেশৰ পিছত বৰাগাঁৱৰ দীপৰ বিলৰ কাষৰ পৰা ডাম্পিং গ্ৰাউণ্ড আঁতৰ কৰি চন্দ্ৰপুৰত স্থাপন কৰা হৈছে। চন্দ্ৰপুৰত অস্থায়ীভাৱে ডাম্পিং গ্ৰাউণ্ড স্থাপন কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমি ডাম্পিং গ্ৰাউণ্ডৰ বাবে বিকল্প ভূমিৰ সন্ধানত আছোঁ। বিকল্প ভূমি নোপোৱা পৰ্যন্ত ডাম্পিং গ্ৰাউণ্ড চন্দ্ৰপুৰতে থাকিব। বিকল্প ভূমিৰ বাবে কিছু সময়ৰ প্ৰয়োজন আছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।
লগতে পঢ়ক : একাঠু বোকাময় পথত কঠিয়া ৰুই ৰাইজৰ অভিনৱ প্ৰতিবাদ
উল্লেখ্য যে চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ পিছৰে পৰা বিভিন্ন দল-সংগঠনৰ লগতে চন্দ্ৰপুৰবাসী ৰাইজে ইয়াৰ বিৰোধিতা কৰি আছে। চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড স্থাপনৰ বিৰুদ্ধে প্ৰতিদিনে প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। শুকুৰবাৰে গুৱাহাটী উন্নয়ন মন্ত্ৰী অশোক সিংঘালে চন্দ্ৰপুৰৰ পৰা ডাম্পিং গ্ৰাউণ্ড আঁতৰ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰিছিল।