গুৱাহাটী : ক’ভিডৰ নতুন ভেৰিয়েণ্টক লৈ সমগ্ৰ বিশ্ববাসী চিন্তিত। দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট বি.১.১.৫২৯। এই ভেৰিয়েণ্টৰ নাম দিয়া হৈছে ওমিক্ৰণ। ক’ভিডৰ অন্য ভেৰিয়েণ্টতকৈ ওমিক্ৰণ অধিক সংক্ৰমিত হয়। এতিয়া ইয়াকলৈ সমগ্ৰ বিশ্ববাসী সতৰ্ক হৈ পৰিছে।

ওমিক্ৰণ এতিয়াও ভাৰতত নাই যদিও ভাৰত চৰকাৰে ইয়াকলৈ তৎপৰ হৈ উঠা পৰিলক্ষিত হৈছে। কোনো কাৰণতে যাতে ওমিক্ৰণ ভাৰতলৈ আহি নাপায় ইয়াৰ বাবে সম্ভপৰ সকলো ব্যৱস্থা ইতিমধ্যে হাতত লৈছে চৰকাৰে। আজি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল অনুষ্ঠিত কৰি অসমবাসীক সতৰ্ক থাকিবলৈ আহ্বান জনায়।

মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ১০০ শতাংশ ক’ভিড ভেকচিন প্ৰদান কৰাৰ লক্ষ্য চৰকাৰৰ। ইতিমধ্যে ১ কোটি ১৫ লাখ ৫৯ হাজাৰ দ্বিতীয় পালি ক’ভিড ভেকচিন প্ৰদান হৈছে। ২ কোটি ১০ লাখ প্ৰথম পালিৰ ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। ক’ভিডৰ নতুন প্ৰকাৰৰ বাবে অসমবাসী সতৰ্ক থাকিব লাগিব বুলি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰীয়ে অহা ২৯ নৱেম্বৰৰ পৰা অসমত ‘মেগা চাৰ্টিফিকেচন ড্ৰাইভ’ চলিব বুলি জানিবলৈ দিয়ে। কিমান লোকে ইতিমধ্যে ভেকচিন গ্ৰহণ কৰিছে ইয়াৰ সঠিক তথ্য সংগ্ৰহৰ বাবে ভোটাৰ তালিকা লৈ মানুহৰ ঘৰে ঘৰে যাব কৰ্মচাৰী সকল। ৫ ডিচেম্বৰলৈকে চলিব এই ‘মেগা চাৰ্টিফিকেচন ড্ৰাইভ’ বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইফালে পূৰ্বতকৈ অসমত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে। সকলো ক্ষেত্ৰতে অসমৰ চমকপ্ৰদ ফলাফল। NFHSৰ ছাৰ্ভে অনুসৰি অসমত শৌচাগাৰ ব্যৱহাৰকাৰীৰ সংখ্যা ৩৭.৭ শতাংশৰ পৰা ৯৬ শতাংশলৈ বৃদ্ধি। স্কুললৈ নোযোৱা ছাত্ৰ-ছাত্ৰী ২৩ শতাংশৰ পৰা ১৯ শতাংশলৈ হ্ৰাস পাইছে। মই যিসময়ত স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈছিলো সেই সময়ত ৮৪ শতাংশ শিশুৰ মৃত্যু হৈছিল বুলি সংবাদমেলত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।

NFHS-৪ ত ৮৪ শতাংশৰ পৰা ৫৬ শতাংশলৈ হ্ৰাস হৈছিল। চিকিৎসাধীন অৱস্থাত মৃত্যুৰ হাৰো হ্ৰাস পাইছে। ২০১৫-১৬ চনত ৫৬ শতাংশৰ পৰা এতিয়া ৩১ শতাংশলৈ হ্ৰাস হৈছে। দেশতকৈ অসমত জন্মতে শিশুৰ মৃত্যুৰ হাৰ যথেষ্ট কম। ইমান দিনে আমি দেশৰ বাবে বোজা হৈ আছিলো, এতিয়া শিশুৰ মৃত্যুৰ ক্ষেত্ৰত আমি উন্নত হৈছো বুলিও কয় মুখ্যমন্ত্ৰীয়ে।

ৰাজহুৱা চিকিৎসালয়ৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে। ২০০৫-০৬ চনত অসমত ১৩ শতাংশ মাতৃয়ে চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিছিল। ২০১৯-২০ বৰ্ষত চৰকাৰী চিকিৎসালয়লৈ অহা লোকৰ সংখ্যা ৭৪ শতাংশলৈ বৃদ্ধি পাইছে। কন্যা ভ্ৰুণ হত্যাৰ হাৰ অসমত দেশৰ আন ৰাজ্যতকৈ বহু কম। অসমত কন্যা ভ্ৰুণ হত্যাৰ ঘটনা শূন্য বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

লগতো পঢ়ক : মহানগৰীত নিজৰ সাহসৰ বাবে কথমপি অপহৰণৰ পৰা ৰক্ষা পৰিল এটি শিশু

অসমীয়াতো লিখিব পাৰিব এপিএছচিৰ প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাত বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। আইএএছৰ ক্ষেত্ৰত যদি ইংৰাজীত পাৰে এচিএছৰ ক্ষেত্ৰত কিয় নোৱাৰিব?
পৰৱৰ্তী বৰ্ষৰ পৰা এপিএছচি পৰীক্ষা অসমীয়া মাধ্যমতো হ’ব। সকলো বিষয় অসমীয়াত লিখিব পাৰিব। এচিএছৰ কাৰণে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব বুলিও প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,787 other subscribers

Leave a comment

Leave a Reply