গুৱাহাটী : পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পাব বুলি আশাবাদী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। শুকুৰবাৰে এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ‘‘পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস পাব বুলি আশাবাদী৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীয়ে এই সন্দৰ্ভত বিবৃত্তি দিছে৷ অসম চৰকাৰে কি কৰিব পাৰি চাই আছে৷ ৰাজ্য চৰকাৰৰ টেক্স যিমান পাৰি কমাম৷ আমি সৰ্বসাধাৰণ ৰাইজৰ লগত আছো৷ মোক এক্সট্ৰা টেক্স নালাগে৷ ৰাইজৰ লগত আমি আছো৷’’
মুখ্যমন্ত্ৰীয়ে কয় যে ভূমি নীতি বৰ টান কাম৷ খিলঞ্জীয়া মানুহে ছয় বিঘাটো কম হৈছে বুলি দাবী কৰি আছে৷ দাবী কৰিছে ন্যূনতম পোন্ধৰ বিঘা মাটি দিবলৈ ট্ৰাইবেল মানুহক৷ জন্মসূত্ৰে ট্ৰাইবেল মানুহে এশ বিঘা মাটি পায়৷ গৰুখুটিৰ মানুহে মাটি পাবলৈ হ’লে এন আৰ চিত নাম আছেনে নাই চাব লাগিব৷ বেলেগ ঠাইত মাটি আছেনে চাব লাগিব৷ অসমত ট্ৰাইবেল মানুহসকলেই জংঘল কাটি মাটিৰ সৃষ্টি কৰিছিল৷
১৫ নৱেম্বৰৰ পৰা গাঁৱে গাঁৱে ক’ভিডৰ ভেকচিন প্ৰদান কৰা হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। ভেকচিন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় “ক’ভিড ভেকচিন অভিযানত ৯৫% আমি সামৰিব পাৰিছো৷ দুই কোটি ৭৬ লাখক ভেকচিন দিয়া হৈছে৷ আমাৰ টাৰ্গেট দুই কোটি দহ লাখ আছিল৷ টাৰ্গেটৰ ওপৰত গৈছো৷ বয়স্কসকলে ঘৰৰ পৰা ওলাই আহি ভেকচিন ল’ব বিচৰা নাই৷ সেয়ে অহা ১৫ নৱেম্বৰৰ পৰা দহ লাখ লোকক টাৰ্গেট কৰি গাঁৱে গাঁৱে ভেকচিন দিয়া হ’ব৷’’
লগতে পঢ়ক : ক্ৰাইম ব্ৰাঞ্চৰ জেৰাত হত্যাকাণ্ড কৰা বুলি স্বীকাৰ কৰিলে আকাশ চৌধুৰীয়ে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয়, ‘‘অহা ১০ তাৰিখৰ পৰা সাত দিনীয়াকৈ এই ভেকচিনেশ্যন অভিযান চলোৱা হ’ব। দুই কোটি লোকক ভেকচিন দিয়াত যেনেকৈ অভিযান চলোৱা হৈছিল তেনেকৈয়ে এই অভিযান চলিব৷ নৱেম্বৰৰ ভিতৰত ভেকচিন দি শেষ কৰিব লাগিব৷ ১৫ জানুৱাৰীৰ ভিতৰত দুয়োপালি ভেকচিন দি শেষ কৰা হ’ব৷ এই মাহত দ্বিতীয় পালি ভেকচিন এক কোটি লোকক দিয়াৰ দিহা কৰা হৈছে।’’