গুৱাহাটী : তিনিচুকীয়া জিলাৰ ডিগবৈৰ টিংৰাই বজাৰত শুকুৰবাৰে দুষ্কৃতিকাৰীৰ দ্বাৰা সংঘটিত গ্রেনেড বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা দুজনলৈ বৃদ্ধি পাইছে। নিহত লোক দুজনৰ নাম চনদীপ সিং আৰু সুৰজিত তালুকদাৰ।

ইয়াৰে সুৰজিত তালুকদাৰৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা চলি থকা অৱস্থাত মৃত্যু হয়।

আনহাতে এই ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে কয় যে এনেধৰণৰ দুষ্কার্য সংঘটিত কৰি সাধাৰণ জনতাক ভীতিগ্রস্ত কৰা কাৰ্য কেৱল মাত্র কাপুৰুষালিৰ বাদে আন একো নহয়।

এনেধৰণৰ ঘটনাক ৰাজ্য চৰকাৰে কেতিয়াও সহ্য নকৰে বুলি উল্লেখ কৰি তেওঁ উক্ত ঘটনাৰ অনুসন্ধানৰ বাবে ৰেঞ্জ ডিআইজিক তাৎক্ষণিকভাৱে ঘটনাস্থলীলৈ ৰাওনা হােৱাৰ বাবে নির্দেশ দিবলৈ আৰক্ষী সঞ্চালক প্রধানগৰাকীক নির্দেশ দিয়ে।

তদুপৰি এই ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক কৰায়ত্ত কৰি কঠোৰ পদক্ষেপ গ্রহণৰ বাবেও নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। আনহাতে মুখ্যমন্ত্ৰীয়ে উক্ত ঘটনাত নিহত হােৱা ব্যক্তিৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আঘাতপ্রাপ্ত ব্যক্তিসকলৰ আশু-আৰােগ্য কামনা কৰে।

আৰু পঢ়কঃ ইজৰাইল-পেলেষ্টাইন সংঘৰ্ষ; ১০০ জনতকৈ অধিক লোকে হেৰুৱালে প্ৰাণ, স্থল আক্ৰমণৰ ভাবুকি ইজৰাইলৰ

উল্লেখ্য যে তিনিচুকীয়া জিলাৰ ডিগবৈ আৰক্ষী থানাত অন্তৰ্গত টিংৰাইত শুকুৰবাৰে দুপৰীয়া প্ৰায় এক বজাত এক ভয়ংকৰ গ্ৰেণেড বিস্ফোৰণৰ ঘটনা সংগঠিত হয়৷ টিংৰাই বজাৰৰ পুৰণমল আগৰৱাল নামৰ হাৰ্ডৱেৰ ব্যৱসায়ী এজনৰ দোকানক লক্ষ্য কৰি কোনো লোকে গ্ৰেণেড নিক্ষেপ ক কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply