গুৱাহাটী : ৰাজ্যৰ ঘাইপথসমূহত সংঘটিত ক্ৰমৱৰ্ধৰ্মান পথ দুর্ঘটনা আৰু যানবাহনৰ গতিবেগ নিয়ন্ত্রণ সন্দৰ্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই পৰিবহন বিভাগ, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লােকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগৰ শীর্ষ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত উপৰােক্ত বিষয় সন্দৰ্ভত বিতং আলােচনাৰ অন্তত মুখ্যমন্ত্রীয়ে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ১০০ কিঃমিঃ পর্যন্ত হােৱাৰ লগতে স্পর্শকাতৰ অংশসমূহত প্রতি ঘণ্টাত ৪০ কিঃমিঃ ধার্য কৰা সন্দৰ্ভত জনসাধাৰণৰ মাজত উপযুক্ত সচেতনতা গঢ়ি নুঠা পর্যন্ত এই গতিবেগ উলংঘা কৰা যানবাহনৰ পৰা পৰৱর্তী কিছু দিনৰ বাবে জৰিমনা সংগ্রহ বন্ধ ৰাখিবলৈ পৰিবহন বিভাগক নির্দেশ দিয়ে।
ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহকে ধৰি প্রধান পথসমূহত থকা দূর্ঘটনা প্রবণ এলেকাসমূহ চিনাক্ত কৰি সেইসমূহত পর্যাপ্তসংখ্যক পথ নির্দেশনা ফলক স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্রাধিকৰণ, ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেড আৰু লােকনির্মাণ (গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ) বিভাগক নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে লগতে ঘাইপথসমূহৰ কাষত থকা শিক্ষানুষ্ঠান, চিকিৎসালয় আদি স্পর্শকাতৰ অঞ্চলসমূহ চিনাক্ত কৰি সেই স্থানসমূহতাে উপযুক্ত আৰু দৃশ্যমান ৰূপত পথ নির্দেশনা ফলক স্থাপনৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে। এনে স্পর্শকাতৰ এলেকাসমূহত উপযুক্ত গতিৰােধক নির্মাণৰ পদক্ষেপ ল’বলৈও তেওঁ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিয়ে। স্থানীয় পৰিবহন বিষয়াসকলৰ সৈতে আলােচনা সাপেক্ষে এনে স্পর্শকাতৰ স্থানসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰতাে মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰােপ কৰে।
লগতে পঢ়ক : পাণবজাৰৰ স্বয়ংক্রিয় বহুমহলীয়া গাড়ী পার্কিং মুকলি কৰিলে মুখ্যমন্ত্ৰীয়ে
ঘাইপথ আৰু ছাৰ্ভিচ ৰােড তথা উপপথসমূহৰ সংযােগস্থলীসমূহতাে এনেধৰণৰ নির্দেশনা ফলক তথা গতিৰােধক স্থাপন কৰিবলৈ তেওঁ সংশ্লিষ্ট কর্তৃপক্ষ কোৱাৰ লগতে এনেধৰণৰ আন্তঃগাঁথনিগত কাম-কাজসমূহ অহা ৩ মাহৰ ভিতৰত সম্পূর্ণ কৰি তুলিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্ৰীয়ে পথ সজাগতাৰ ওপৰত জনসচেতনতা সৃষ্টিৰ বাবে পৰৱর্তী দুমাহজুৰি অবিৰতভাৱে এক ব্যাপক প্রচাৰ অভিযান হাতত ল’বলৈও পৰিবহন বিভাগক নির্দেশ দিয়ে। এই ক্ষেত্ৰত ৰাইজৰ জ্ঞাতার্থে ছপা আৰু বৈদ্যুতিন মাধ্যমযােগে মনােগ্রাহী বিজ্ঞাপন প্রচাৰৰ ব্যৱস্থা কৰাৰ লগতে এই অভিযানত ক্রীড়া আৰু সাংস্কৃতিক জগতৰ জনপ্রিয় তাৰকাসকলকো জড়িতকৰণৰ পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহনৰ সর্বোচ্চ গতিবেগ সন্দৰ্ভত ২০১৮ চনৰ ৬ এপ্রিল তাৰিখে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পথ পৰিবহন আৰু ঘাইপথ মন্ত্রালয়ে জাৰি কৰা জাননী সন্দৰ্ভতে সংবাদ মাধ্যমযােগে বহুল প্রচাৰৰ ব্যৱস্থা কৰিবলৈ তেওঁ নির্দেশ দিয়ে।
আজিৰ