গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ গীতানগৰস্থিত শ্রীশ্রী দক্ষিণপাট সত্র শান্তি আশ্ৰমত আয়ােজিত এক অনুষ্ঠানত অংশগ্রহণ কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ২৪ অৱতাৰ চিহ্নিত বস্ত্র উন্মােচন কৰে। এই উপলক্ষে আয়ােজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো গৌৰৱ, আনন্দময় আৰু মঙ্গলময় দিন। কিয়নাে আজিৰ দিনটোতে শ্ৰীকৃষ্ণৰ ২৪ অৱতাৰ বস্ত্ৰ উন্মােচন কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে এই বস্ত্ৰৰ জৰিয়তে উঠি অহা প্রজন্মই শ্ৰীকৃষ্ণৰ ২৪ অৱতাৰৰ বিষয়ে জ্ঞাত হােৱাৰ সুযােগ লাভ কৰিব। অসমৰ আধ্যাত্মিক জীৱনধাৰা শক্তিশালীকৰণৰ দিশত শ্রীশ্রী দক্ষিণপাট সত্ৰই বিশেষ অৰিহণা যােগাই আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে যুব-উশংখলতা ৰােধৰ ক্ষেত্ৰত দক্ষিণপাট সত্ৰই বিশেষ ভূমিকা গ্রহণ কৰি আহিছে। কর্মময় শিক্ষাৰ প্ৰসাৰৰ দিশতাে সত্ৰখনে ভূমিকা লৈ আহিছে বুলিও তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে স্মার্ট চিটিৰ অধীনত দক্ষিণপাট সত্ৰ শান্তি আশ্ৰমৰ উন্নয়নৰ বাবে ১৪ কোটি টকাৰ অনুমােদন জনােৱা হৈছে। ইয়াৰে ৭ কোটি টকা ৰাজ্য চৰকাৰে আৰু ৭ কোটি টকা কেন্দ্রীয় চৰকাৰে বহন কৰিব। তেওঁ লগতে কয় যে এই সত্ৰৰ চৌপাশৰ চৌহদ আৰু বৈদ্যুতিক সংযােজনৰ বাবে ৰাজ্য চৰকাৰে প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিব।
লগতে পঢ়ক : হামৰেণ নতুন বজাৰত ভয়ংকৰ অগ্নিকাণ্ড
অনুষ্ঠানত শ্রীশ্রী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননীগােপাল দেৱগােস্বামীয়েও বক্তব্য প্রদান কৰে। অনুষ্ঠানত মন্ত্রী অশােক সিংহল আৰু বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্তমল্ল বৰুৱা প্রমুখ্য ভকতবৃন্দ উপস্থিত থাকে। উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ‘অৱতাৰ আৰু অৱতাৰবাদ’ শীর্ষক গ্রন্থ এখনাে উন্মােচন কৰে।