গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কার্যালয় পৰিদৰ্শন কৰি আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তসহ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ অসম আৰক্ষীৰ আধুনিকীকৰণৰ বিভিন্ন দিশ সম্পর্কত বিতংভাৱে আলােচনা কৰে। মুখ্যমন্ত্ৰীয়ে আৰক্ষীৰ মুখ্য কার্যালয়ত পদার্পণ কৰাৰ লগে লগে “গার্ড অৱ অনাৰেৰে তেখেতক আনুষ্ঠানিকভাৱে অভিবাদন জনােৱা হয়।

ইয়াৰ পিছতে অসম আৰক্ষীৰ মুখ্য কার্যালয়ত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথাবৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ ১ লাখ শিক্ষিত যুৱক-যুৱতীক চাকৰি প্ৰদানৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে সংকল্প লৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীত বর্তমানে খালী হৈ থকা পদসমূহ স্বচ্ছতাৰে অতি সােনকালে কেনেদৰে পূৰণৰ পদক্ষেপ ল’ব পৰা যায় সেই সম্পর্কে আলােচনা কৰা হৈছে। আৰক্ষীৰ বদলিকৰণ তথা পােষ্টিঙৰ ক্ষেত্ৰত সম্পূর্ণ মেধা আৰু দক্ষতাৰ ভিত্তিত ব্যৱস্থা লােৱা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ইয়াত যাতে কোনােধৰণৰ হস্তক্ষেপ নাথাকে সেইটো সুনিশ্চিত কৰাৰ পদক্ষেপ সম্পর্কত আজি প্ৰাৰম্ভিক পর্যায়ত আলােচনা কৰা হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। কৰবাত যদি চিণ্ডিকেট ইত্যাদিৰ সম্ভেদ পায় তেতিয়াহ’লে সাংবাদিকসকলক তাৎক্ষণিকভাৱে আৰক্ষী সঞ্চালক প্ৰধানক অৱগত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। পাঁচ বছৰৰ ভিতৰতে অসম আৰক্ষীৰ মৌলিক পৰিৱৰ্তন ৰাজ্যখনৰ জনসাধাৰণে প্রত্যক্ষ কৰিব পাৰিব বুলিও মুখ্যমন্ত্ৰীয়ে দৃঢ়তাৰে কয়।

লগতে পঢ়ক : বিধানসভাৰ অধিবেশনৰ বাবে সাজু,প্ৰ’টেম অধ্যক্ষ ৰূপে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰে ৰাজ্যখনৰ আৰক্ষী থানাসমূহৰ কাম-কাজ সূচলৰ কৰাৰ বাবে পদক্ষেপ ল’ব। আৰক্ষী বাহিনীৰ লােকসকলৰ কৰ্তব্যৰ চাপ হ্রাস কৰাৰ বাবে ব্যৱস্থা লােৱা হ’ব। মুখ্যমন্ত্ৰীৰ পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী প্রধান সচিব সমীৰ কুমাৰ সিনহা, গৃহ আৰু ৰাজনৈতিক বিভাগৰ প্ৰধান সচিব নীৰজ বার্মা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply