বৰপেটা : মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণৰ পিছত প্ৰথমবাৰৰ বাবে বৃহস্পতিবাৰে বৰপেটাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা। ক’ভিড পৰিস্থিতিৰ বুজ ল’বলৈ বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হয় মুখ্যমন্ত্ৰী গৰাকী। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা এগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ আত্মীয়ই চিকিৎসালয়ত কান্দি থকা অৱস্থাত দৃষ্টি আকৰ্ষণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ।

মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালক সান্তনা দিয়াৰ লগতে মৃতদেহ সৎকাৰৰ বাবে তাৎক্ষণিকভাৱে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিকিৎসালয় কতৃপক্ষক নিৰ্দেশ দিয়ে। তাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীয়ে ক’ভিড আক্ৰান্ত ৰোগীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে চিকিৎসালয়খনৰ বৰ্তমান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে। ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে জিলাখনৰ বিধায়ক সকল আৰু চিকিৎসালয়খনৰ কতৃপক্ষৰ সৈতে মহাবিদ্যালয়ৰ সভাকক্ষত এক আলোচনাত মিলিত হৈ পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে।

লগতে পঢ়ক : তেজপুৰত আবকাৰী বিভাগৰ অভিযানত জব্দ অৰুণাচলী সুৰা

উক্ত চিকিৎসা মহাবিদ্যালয়ত দুই-তিনিদিনৰ ভিতৰত আই চি ইউৰ ১৫ খন আসন বৃদ্ধি কৰাৰ উপৰি অক্সিজেন পৰ্যাপ্ত পৰিমানে যোগান ধৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ক’ভিডত আক্ৰান্ত ৰোগীসকল ব্যক্তিগত চিকিৎসালয়ৰ পৰিৱৰ্তে চৰকাৰী চিকিৎসালয়তে সকলো সুবিধা পোৱাৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply