গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে বশিষ্ঠ শ্মশান পৰিদৰ্শন কৰি নির্মীয়মান বিভিন্ন আন্তঃগাঁথনিৰ চৰজমিন বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে বশিষ্ঠ শ্মশানৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বর্তমান ৰূপায়িত হৈ থকা প্ৰকল্পৰ বুজ লােৱাৰ উপৰি প্ৰকল্পৰ অধীনত বর্তমানে নির্মীয়মান হৈ থকা পুখুৰীটো পৰিদৰ্শন কৰে।
উল্লেখ্য যে শ্মশানখনৰ সৌন্দর্যবর্ধনৰ বাবে আশ্রম কর্তৃপক্ষ, শ্মশান সমিতি আৰু প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ানৰ উদ্যোগত এক প্রকল্প ৰূপায়িত হৈ আছে। মুখ্যমন্ত্রী ড° শৰ্মাই লগতে উক্ত শ্মশানত ক’ভিড ৰােগীৰ অন্তিম সংস্কাৰ কৰাৰ বাবে ৰখা সুকীয়া ব্যৱস্থাৱলীৰে বুজ লয়। আনহাতে বশিষ্ঠাশ্ৰমত উপস্থিত হােৱাৰ পিছত মুখ্যমন্ত্রী ড° শৰ্মাক বশিষ্ঠাশ্রম পৰিচালনা সমিতিৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।
লগতে পঢ়ক : অক্সিজেন এক্সপ্ৰেছক আদৰণি জনাই প্রধানমন্ত্রীক ধন্যবাদ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
ইয়াৰ পিছত সাংবাদিকৰে হােৱা কথােপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে বশিষ্ঠ শ্মশানৰ সৌন্দর্যবর্ধনৰ বাবে বশিষ্ঠ মন্দিৰ পৰিচালনা সমিতি, শ্মশান সমিতি আৰু প্ৰাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। বশিষ্ঠাশ্ৰমৰ প্রাকৃতিক সৌন্দর্য ওভতাই আনি ইয়াক পৰিকল্পিতভাৱে সজাই পৰাই তােলাৰ দিশত চৰকাৰে পদক্ষেপ ল’ব বুলি তেওঁ কয়।