গুৱাহাটী : নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ৰোগীৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ। ১ জানুৱাৰীৰ পৰা বন্ধ হ’ব মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালৰ স্থানত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাললৈ অহা ৰোাগীসকলক চিকিৎসা কৰা হ’ব গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধীনৰ পাণ্ডু আৰু ধীৰেণপাৰা হাস্পতালত বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ।
শণিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি ৰোগীসকলক প্ৰদান কৰা বিভিন্ন সেৱাৰ বিষয়ে বুজ লয়৷ গুৱাহাটীত দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্য অতিশীঘ্ৰে আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১ জানুৱাৰীৰ পৰা মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত অস্থায়ীৰূপে চিকিৎসা সেৱা প্ৰদান বন্ধ ৰাখি চিকিৎসাধীন ৰোগীসকলৰ সুবিধাৰ্থে পাণ্ডু এফ আৰ ইউ আৰু ধীৰেনপাৰাস্থিত চিকিৎসালয় ১ জানুৱাৰীৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ দ্বাৰা পৰিচালনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে।
লগতে পঢ়ক : আৰক্ষী বিষয়া মস্কো শইকীয়াৰ আকস্মিক মৃত্যু
এই পৰিদৰ্শনকালত বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালৰ কিছু সংখ্যক চিকিৎসক আৰু নাৰ্ছে কৰ্তব্যত গাফিলতি কৰাৰ যি অভিযোগ দৃষ্টিগোচৰ হৈছিল আৰু ভৱিষ্যতে এনে কাৰ্য যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন ৰোগীৰ সুবিধাৰ্থে কিদৰে আই চি ইউৰ সংখ্যা বৃদ্ধি কৰিব পাৰি আৰু অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ’বলগীয়া চুপাৰস্পেচিয়েলিটি বিভাগৰ সেৱা প্ৰদান সম্পৰ্কে বিশদভাৱে আলোচনা কৰে।