শ্বহীদ কুশল কোঁৱৰক ফাঁচী দিয়া স্থান

যোৰহাট : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে ঐতিহাসিক যােৰহাট কেন্দ্রীয় কাৰাগাৰ পৰিদৰ্শন কৰি কাৰাগাৰ কর্তৃপক্ষ তথা কাৰবান্দীসকলৰ সৈতে মত-বিনিময় কৰে। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কাৰাগাৰখনত ১৯৪৩ চনৰ ১৫ জুনত মৃত্যুদণ্ড বিহা শ্বহীদ কুশল কোঁৱৰক ফাঁচী দিয়া স্থলী পৰিদৰ্শন কৰাৰ লগতে উক্ত স্থানত বন্তি প্রজ্জ্বলন কৰি শ্বহীদ গৰাকীলৈ শ্রদ্ধা নিবেদন কৰে।

মুখ্যমন্ত্ৰীয়ে লগতে উক্ত কাৰাগাৰখনত স্বাধীনতা সংগ্ৰামৰ সময়ত মুক্তিযােদ্ধা পীতাম্বৰ দেৱগােস্বামীক বন্দী কৰি ৰখা কোঠাটোও পৰিদৰ্শন কৰে। উল্লেখ্য যে পূর্বতে যােৰহাট জিলা কাৰাগাৰ হিচাপে জনাজাত যােৰহাট কেন্দ্রীয় কাৰাগাৰ ১৯১১ চনত বৃটিছ শাসকসকলে মুকলি কৰিছিল। এই কাৰগাৰখনত স্বাধীনতা সংগ্ৰামৰ সময়ত বিশিষ্ট মুক্তিযােদ্ধা পীতাম্বৰ দেৱগােস্বামী, ভাৰতৰ প্ৰাক্তন ৰাষ্ট্রপতি তথা স্বাধীনতা সংগ্রামী ফখৰুদ্দিন আলী আহমেদ, বিশিষ্ট মুক্তি যােদ্ধা তথা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্রী গােপীনাথ বৰদলৈ, প্রাক্তন মুখ্যমন্ত্রী বিমলা প্রসাদ চলিহা, স্বাধীনতা সংগ্রামী অমিয় কুমাৰ দাস, বিজয় ভাগৱতী, কামাখ্যা ত্রিপাঠীৰ দৰে বৰেণ্য ব্যক্তিসকলক বন্দী কৰি ৰখা হৈছিল।

এই কাৰাগাৰখনতে বন্দীত্বৰ জীৱন কটাই থকাৰ সময়ত স্বাধীনতা সংগ্রামী বেজা বাউৰী আৰু কমলা মিৰিয়ে ইহলীলা সম্বৰণ কৰিছিল। স্বাধীনতা সংগ্রামী শ্বহীদ কুশল কোঁৱৰকো এই কাৰাগাৰখনতে বৃটিছে ফাঁচী কাঠত ওলােমাই মৃত্যুদণ্ড বিহিছিল।।পৰিদৰ্শনৰ সময়ত কেন্দ্রীয় কাৰাগাৰ চৌহদত উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথাবৰাত মুখ্যমন্ত্ৰীয়ে কয় যে স্বাধীনতা দিৱসৰ ভাষণত উল্লেখ কৰা ধৰণে ৰাজ্য চৰকাৰে বৰ্তমানৰ যােৰহাট কেন্দ্রীয় কাৰাগাৰখন জিলাখনৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰি ইয়াক এক ঐতিহ্যমণ্ডিত স্থান হিচাপে সংৰক্ষণ কৰিব।

লগতে পঢ়ক :  অসম ফটো সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ব আলোকচিত্ৰ দিৱস উদযাপন

৩৭০ বিঘা ভূমি সামৰি থকা এই ঐতিহ্যমণ্ডিত কাৰাগাৰখনৰ ১০০ বিঘা ভূমিত ৰাজ্য চৰকাৰে এক ঐতিহ্য ক্ষেত্ৰ হিচাপে সংৰক্ষণ কৰিব। দেশৰ স্বাধীনতাৰ ৭৫ বছৰ অর্থাৎ ‘আজাদী কা অমৃত মহােৎসৱ’ৰ এই শুভক্ষণত স্বাধীনতা সংগ্রামী তথা শ্বহীদসকলক শ্রদ্ধাঞ্জলি জ্ঞাপনৰ উদ্দেশ্যৰে ৰাজ্য চৰকাৰে এই কাৰাগাৰখন ঐতিহ্যৰ স্থান হিচাপে সংৰক্ষণৰ ব্যৱস্থা লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply