গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে সন্ধিয়া গুৱাহাটীৰ মহেন্দ্র মােহন চৌধুৰী হাস্পতালৰ ক’ভিড ৱার্ড পৰিদৰ্শন কৰি হাস্পতালখনত প্ৰদান কৰি থকা চিকিৎসা সেৱা আৰু অন্যান্য সাসুবিধাৰ বুজ লয়। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে কৰ্তব্যৰত চিকিৎসকসকলৰ সৈতে মত-বিনিময় কৰি চিকিৎসালয়খনত ক’ভিড ৰােগীসকলক আগবঢ়োৱা চিকিৎসা সেৱা বিশেষকৈ জটিল ৰােগীসকলৰ ক্ষেত্ৰত গ্রহণ কৰা ব্যৱস্থাৱলীৰাে বুজ লয়।

ইয়াৰ পিছতে হাস্পতাল চৌহদত উপস্থিত থকা সাংবাদিকৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে কয় যে ক’ভিডৰ এই কালছােৱাত আজিয়েই সর্বাধিক ৰােগীৰ মৃত্যু হৈছে। ইয়াৰে প্ৰায় সংখ্যক ৰােগীয়ে যথেষ্ট জটিল অৱস্থাৰ পিছতহে হাস্পতালত ভৰ্ত্তি হৈছে। মুখ্যমন্ত্ৰীয়ে হােম কোৱাৰেন্টাইনত থকা ৰােগীসকলক অক্সিজেনৰ মাত্রা সঘনাই পৰীক্ষা কৰি থকাৰ আহ্বান জনােৱাৰ লগতে তেজৰ অক্সিজেনৰ মাত্রা ৯০ বা তাৰ তললৈ আহিলে ঘৰত নাথাকি তৎকালে হাস্পতালত ভৰ্ত্তি হােৱাৰ বাবে আহ্বান জনায়।

ৰােগীসকলে শােচনীয় অৱস্থাত হাস্পতাললৈ আহিলে চিকিৎসকসকলে কৰিবলগীয়া ব্যৱস্থা বহুত কমি যায় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কিছুদিনৰ পৰা এই হাস্পতালত আই চি ইউ আৰু অক্সিজেনযুক্ত বিচনাৰ সংখ্যা বৃদ্ধি কৰাৰ পদক্ষেপ লৈ থকা হৈছে। পূর্বতে এই হাস্পতালত ২৪ খন বিচনা আছিল যদিও যােৱা কালিৰ পৰা আৰু ৪৬ খন আই চি ইউ অক্সিজেনযুক্ত বিচনা বৃদ্ধি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

আৰু পঢ়কঃ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাই মুকলি কৰিলে প্ৰথমটো ক’ভিডৰ ঔষধ ২-ডিজি

মৃত্যুৰ সংখ্যা কমাবলৈ হ’লে হােম কোৱাৰেন্টাইনত থকা ৰােগীৰ সংখ্যা কমাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে সংক্রমণ প্রতিৰােধৰ বাবে অহা শুকুৰবাৰৰ পৰা আন্তঃজিলা যাতায়াত বন্ধ কৰা হ’ব। পৰিদৰ্শনৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে সাংসদ পল্লৱ লােচন দাস, হাস্পতালখনৰ অধীক্ষককে ধৰি জ্যেষ্ঠ চিকিৎসকসকল উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply