গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মহানগৰীৰ সাউকুছিত থকা প্রিমিয়াৰ ক্ৰায়’জেনিক লিমিটেড অক্সিজেন প্লান্ট পৰিদৰ্শন কৰি এই প্লান্টৰ অক্সিজেন উৎপাদন ক্ষমতাৰ বুজ লয়। ইয়াৰ পিছত প্লান্ট চৌহদত উপস্থিত থকা সাংবাদিকৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্ৰীয়ে বহুদিনৰ পৰা বন্ধ হৈ থকা এই প্লান্টটো পুনৰ কার্যক্ষম কৰাৰ বাবে ৰাজ্য চৰকাৰে প্রিমিয়াৰ ক্ৰায়জেনিক লিমিটেডক জনােৱা অনুৰােধৰ প্রতি ইতিবাচক সহাৰি জনােৱাৰ বাবে প্লান্ট কর্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

পুনৰ কার্যক্ষম কৰা এই প্লান্টে ১৪ মেট্রিকটন অক্সিজেন উৎপাদন কৰি আছে আৰু ইয়াৰ দ্বাৰা ৰাজ্যখনৰ অক্সিজেনৰ উৎপাদন ক্ষমতা বৃদ্ধি পাইছে। এই প্লান্টৰ দ্বিতীয় গােট কার্যক্ষম হৈ উঠিলে ৰাজ্যখনৰ অক্সিজেনৰ উৎপাদন ক্ষমতা আৰু অধিক বৃদ্ধি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে ৰাজ্যৰ অক্সিজেনৰ ৭০ মেট্রিকটন প্রয়ােজনীয়তাৰ বিপৰীতে বর্তমান ৰাজ্যখনৰ অক্সিজেন উৎপাদন ক্ষমতা ৮০ মেট্রিকটনলৈ বৃদ্ধি হৈছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কেন্দ্রীয় চৰকাৰে অসমৰ বাবে ১০০ মেট্রিকটন অক্সিজেনৰ আবন্টন দিছে আৰু এক বিশেষ ৰেলৰ জৰিয়তে এই অক্সিজেন ৰাজ্যখনলৈ সৰবৰাহ হ’ব।

আৰু পঢ়কঃ মহেন্দ্র মােহন চৌধুৰী হাস্পতালৰ ক’ভিড় ৱার্ড পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰীয়ে

ৰাজ্যখনে নিজৰ প্ৰয়ােজনীয়তাখিনি পূৰণ কৰাৰ উপৰি বর্তমান উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্রদেশ, মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু নাগালেণ্ডলৈ অক্সিজেনৰ যােগন ধৰি আছে বুলিও তমুখ্যমন্ত্ৰীয়ে কয়। পৰিদৰ্শনৰ সময়ত সাংসদ পল্লৱ লােচন দাস, প্রিমিয়াৰ ক্ৰায়’জেনিক লিমিটেড পৰিচালন সঞ্চালক অভিজিৎ বৰুৱা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply