ছাগলীয়া : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মঙলাবাৰে ধুবুৰী জিলাৰ ছাগলীয়া অসম-পশ্চিমবংগ আন্তঃৰাজ্যিক সীমান্তত উপস্থিত হৈ তাত স্থাপন কৰা ক’ভিড পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰে। বহিঃৰাজ্যৰ পৰা অসমত প্ৰৱেশ কৰা যান-বাহনসমূহৰ চালক তথা যাত্ৰীসকলৰ ক’ভিড পৰীক্ষাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসনৰ পৰা অসম-বংগ সীমান্তৰে যাত্ৰীৰ আহ-যাহ নিৰীক্ষণ ব্যৱস্থাৰ বুজ লয়। বিগত কিছুদিন ধুবুৰী জিলাত দৈনিক গড়ে ১৫০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হোৱাৰ কথা উল্লেখ কৰি জিলাখনত আৰটিপিচিআৰ পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰশাসনক পৰামৰ্শ দিয়ে মুখ্যমন্ত্ৰীয়ে। পৰ্যায়ক্ৰমে হোম কোৱাৰেণ্টাইন ব্যৱস্থা বন্ধ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক পৰামৰ্শ দিয়ে।
অধিক সংক্ৰমণ হোৱা অঞ্চলসমূহত মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ পৰামৰ্শ দিয়াৰ লগতে চহৰ অঞ্চলৰ ক’ভিড পকেটসমূহত অধিক হাৰত ভেকচিনেশ্যনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। অহা বছৰৰ ভিতৰত ধুবুৰী মেডিকেল কলেজ মুকলি কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে। পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, ধুবুৰীৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালককে ধৰি জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
আৰু পঢ়কঃ ডিব্ৰুগড় খোৱাঙৰ সৰগফলা গোঁহাই গাঁৱত মৃত নাহৰফুটুকী উদ্ধাৰ
উল্লেখযোগ্য যে ছাগলীয়া পৰীক্ষণস্থলীত বিগত ২৪ এপ্ৰিলৰ পৰা মঙলাবাৰ পুৱা পৰ্যন্ত ৩৮৩৪ খন বাহনযোগে অসমত প্ৰৱেশ কৰা ১৪,৩০৬ গৰাকী ব্যক্তিৰ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ইয়াৰে ৫২৮ গৰাকী ব্যক্তি ক’ভিড পজিটিভ পোৱা গৈছে৷ চিনাক্ত ৰোগীসকলৰ ভিতৰত ২৭৯ গৰাকী ধুবুৰী জিলাৰ হোৱাৰ বিপৰীতে ১১৭ গৰাকী অসমৰ অন্যান্য জিলাৰ৷ আনহাতে ১৩২ গৰাকী বহিঃৰাজ্যৰ ৰোগীৰ ভিতৰত ১০৪ গৰাকী পশ্চিমবংগৰ৷ আক্ৰান্ত ৰোগীসকলৰ ২৭১ গৰাকী হোম আইচ’লেশ্যনত থকাৰ বিপৰীতে ১৫৩ গৰাকীক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷