দৰং : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটি অঞ্চল ভ্রমণ কৰি ঢলপুৰ শিৱ মন্দিৰৰ ওচৰত অবৈধ বসতিস্থাপনকাৰীয়ে বেদখল কৰা নৈপৰীয়া অঞ্চলসমূহ পৰিদর্শন কৰে। গৰুখুটিত উপস্থিত হােৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে এখন দেশীয় নাওঁযােগে অঞ্চলটো ভ্রমণ কৰাৰ লগতে পাহাৰৰ টিলাত অৱস্থিত শিৱ মন্দিৰটোও দর্শন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে মন্দিৰত সেৱা আগবঢ়োৱাৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ সৈতেও বার্তালাপত মিলিত হয়।
উল্লেখযােগ্য যে এই শিৱ মন্দিৰৰ ১৮০ বিঘা ভূমিৰ ভিতৰত মুঠ ১২০ বিঘা ভূমিয়েই অবৈধ বেদখলকাৰীৰ কবলত আছিল যদিও সম্প্রতি এই ভূমি আৰক্ষী আৰু জিলা প্রশাসনে বেদখলমুক্ত কৰিছে। ইয়াৰ পিছতেই স্থানীয় সংবাদকর্মীসকলৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বেদখলকাৰীসকলক উচ্ছেদ কৰাৰ বাবে আৰক্ষী আৰু জিলা প্রশাসনে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লােৱাৰ লগতে এতিয়াও বেদখলমুক্ত নােহােৱা ভূমিখিনি ইচ্ছাকৃতভাৱে খালী কৰি দিবলৈ বেদখলকাৰীসকলৰ প্রতি আহ্বান জনায়। ঐতিহাসিক শিৱ মন্দিৰটিৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সকলােধৰণৰ পদক্ষেপ লােৱা হ’ব বুলি উল্লেখ কৰি মন্দিৰৰ মণিকুট স্থাপন, অতিথিশালা আৰু সীমাৰ দেৱাল নির্মাণৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্দিৰ পৰিচালনা সমিতিক আশ্বাস দিয়ে।
আৰু পঢ়কঃ বন বিভাগৰ হিচাপত বাঘজান কাণ্ডৰ পৰিৱেশৰ ওপৰত পৰা ক্ষতিৰ পৰিমাণ ২৫,০০০ কোটি টকাতকৈ অধিক
মন্দিৰটোৰ পৱিত্ৰতা অটুট ৰখাৰ লগতে ইয়াক পর্যটকৰ আকৰ্ষণৰ কেন্দ্রবিন্দু হিচাপে গঢ়ি তােলাৰ ক্ষেত্ৰত চৰকাৰৰ সৈতে সহযােগিতা আগবঢ়াবলৈ তেওঁ ধর্মীয় বিশ্বাস নির্বিশেষে সকলাে শ্ৰেণীৰ লােকৰ প্রতি আহ্বান জনায়। ৰাজ্যখনৰ সত্ৰ আৰু মন্দিৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাৰ কথা দোহাৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আক্রমণকাৰী আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা অসমৰ ভূমি, পৰিচয়, সংস্কৃতি, ভাষা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰে সকলাে পদক্ষেপ গ্রহণ কৰিব। মন্দিৰৰ ভূমিৰ ব্যৱহাৰ আৰু আৰু ৰাজহ উপার্জনৰ বাবে নিজৰ কৰণীয় সন্দৰ্ভত সিদ্ধান্ত লােৱাৰ অধিকাৰ মন্দিৰ পৰিচালনা সমিতিৰ ওপৰত ন্যস্ত থাকিব বুলিও তেওঁ জানিবলৈ দিয়ে।