তেজপুৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মঙলাবাৰে তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক, জ্যেষ্ঠ চিকিৎসক আৰু অন্যান্য শীর্ষ বিষয়াসকলৰ সৈতে শােণিতপুৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বিতং বুজ লয়। জিলাখনত ক’ভিড সংক্ৰমণৰ হাৰ ১০ শতাংশ ওপৰত থকাৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই জিলা প্রশাসনক মাইক্র’ কন্টেইনমেন্ট জ’নৰ জৰিয়তে কন্টেইনমেন্টৰ নিয়মাৱলীসমূহ আৰু অধিক কটকটীয়া কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে।

পৰিদৰ্শন কালত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আই চি ইউ বিচনা, অক্সিজেন, ঔষধ ইত্যাদি পর্যাপ্ততাৰ বুজ লােৱাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল কর্তৃপক্ষক আই চি ইউ বিচনাৰ সংখ্যা বর্তমানৰ ৪০ খনৰ পৰা ৭০ খনলৈ বৃদ্ধি কৰাৰ বাবে নির্দেশ দিয়ে। গভীৰ নিশাৰ ভাগতাে জটিল ক’ভিড ৰােগীসকলক সু-চিকিৎসা প্রদান কৰি মৃত্যুৰ সংখ্যা হ্রাস কৰাৰ বাবে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিশাৰ ভাগটো সহযােগী অধ্যাপক, সহকাৰী অধ্যাপক অথবা পঞ্জীয়কৰ লেখীয়া জ্যেষ্ঠ চিকিৎসকৰ সেৱা নিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষক নির্দেশ দিয়ে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে ৰাতি ২ বজাত ভিডিঅ’ কলেৰে কৰ্তব্যৰত চিকিৎসকৰ সৈতে কথা-পাতি পর্যবেক্ষণ কৰিব বুলিও কয়।

এই জটিল সময়ক আমি কোনােপধ্যে সহজভাৱে লােৱা উচিত নহয় বুলিও মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দৃঢ়তাৰে কয়।মুখ্যমন্ত্রীয়ে লগতে অলপতে হােৱা ভূমিকম্পত ক্ষতিগ্রস্ত চিৰাজুলি বহুমুখী স্বাস্থ্য কেন্দ্রক উপযুক্ত মেৰামতি কৰণেৰে ক’ভিড কেয়াৰ চেণ্টাৰলৈ ৰূপান্তৰ তথা ঘােৰামাৰী বহুমুখী স্বাস্থ্য কেন্দ্রক ক’ভিড কেয়াৰ চেন্টাৰলৈ ৰূপান্তৰ কৰাৰ কাম দ্রুতভাৱে সম্পূর্ণ কৰাৰ পদক্ষেপ ল’বলৈ স্বাস্থ্য বিভাগক নির্দেশ দিয়ে। এই সম্পর্কত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সৈতে পুঁজি আৱন্টনকে ধৰি উপযুক্তভাৱে যােগাযােগ চলােৱাৰ বাবে নগৰ উন্নয়ন বিভাগৰ মন্ত্রী তথা ঢেকিয়াজুলিৰ বিধায়ক অশােক সিংঘাল আৰু সাংসদ পল্লৱ লােচন দাসক মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে চৰকাৰী চিকিৎসালয়সমূহত ক্ষিপ্রতাৰে আৰু অধিক অক্সিজেন পাইপ সংযােগ কৰাৰ কাম সম্পূর্ণ কৰাৰ বাবে লােকনির্মাণ (গৃহ) বিভাগক নির্দেশ দিয়ে। ক’ভিড সংক্রমণ ৰােধ কৰাৰ বাবে বাধা-নিষেধসমূহ আৰু অধিক কটকটীয়াকৈ বলবৎ কৰাৰ পদক্ষেপ ল’বলৈ জিলা প্রশাসন আৰু আৰক্ষী অধীক্ষকক নির্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। নিজৰ গৃহত পৃথক শৌচাগাৰৰ ব্যৱস্থা নাথাকিলে ৫০ বছৰ উৰ্দ্ধৰ ক’ভিড আক্রান্ত ৰােগীক কোনাে কাৰণতে হােম কোৱাৰেন্টইনত থকাৰ বাবে অনুমতি প্রদান নকৰিবলৈ মুখ্যমন্ত্ৰীয়ে জিলা প্রশাসক নির্দেশ দিয়ে।

আৰু পঢ়কঃ খুমটাইৰ চাহ বাগিচাৰ কন্টেইনমেন্ট জ’নত শ্ৰমিকৰ অৱস্থাৰ বুজ ল’লে সাংসদ কামাখ্যা প্ৰসাদ তাছাই

ইয়াৰ পিছতে উপস্থিত থকা সাংবাদিকসকলৰ সৈতে হােৱা কথা-বতৰাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে কন্টেইনমেন্ট জ’নৰ দুখীয়া জনসাধাৰণক সহায় কৰাৰ বাবে জিলা প্রশাসনসমূহক ইতিমধ্যে নির্দেশ দিয়া হৈছে। জিলা প্রশাসনসমূহে ক’ভিড আক্রান্ত হৈ মৃত্যু হােৱা ৰােগীসকলৰ মৃতদেহ শ্মশানলৈ নিয়াৰ দিশত হােৱা পৰিৱহনৰ ব্যয় বহন কৰাৰ উপৰি মৃতদেহ সৎকাৰ বিনামূলীয়াকৈ কৰিব। চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যখনত চিকিৎসকৰ অভাৱ হােৱা নাই বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিড ৰােগীসকলক দিনে-নিশাই উন্নত চিকিৎসা সেৱা আগবঢ়োৱা হ’ব বুলিও মন্তব্য কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply