কাজিৰঙা : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বুধবাৰে ডিজিপি, এডিজিপিকে প্ৰমুখ্যে কৰি আৰক্ষী অধীক্ষকসকলৰ সৈতে কাজিৰঙাত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়৷ আৰক্ষীক ন-ৰূপ দিয়াৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীৰ উদ্যোগত অনুষ্ঠিত হৈছে এই পৰ্যালোচনা বৈঠক। মূলতঃ ৰাজ্যত চলি থকা ড্ৰাগছ চিণ্ডিকেট উৎখাত কৰা, আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ ৰক্ষাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় বৈঠকত।

সুশাসন, আইন-শৃংখলা বজাই ৰখা আদি বিষয়ৰ লগতে আভ্যন্তৰীণ বহুকেইটা বিষয়ৰ ওপৰত সভাত বিশদভাৱে আলোচনা কৰা হয় ৷ শেহতীয়াকৈ ড্ৰাগছ, গৰুৰ চোৰাং ব্যৱসায়কে আদি কৰি বহু অপৰাধমূলক কাৰ্যকলাপক অসম আৰক্ষীয়ে অধিক তৎপৰতাৰে যি হাৰত প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে, তাৰবাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত ড্ৰাগছ মুক্ত অসমৰ লগতে গৰুৰ চোৰাং বেহা মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত অধিক তৎপৰ হ’বলৈ আৰক্ষী অধীক্ষকসকলক নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : কামাখ্যা গেটৰ ডেকা হোটেলত নিশা চলিল চোৰৰ চাফাই অভিযান

এই বৈঠকত উপস্থিত আছিল বিত্তমন্ত্ৰী অজন্তা নেওগ, কৃষিমন্ত্ৰী অতুল বৰা, মন্ত্ৰী ৰঞ্জিত দাস আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। লগতে উপস্থিত আছিল আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াৰ লগতে সকলো জিলাৰ আৰক্ষী অধীক্ষক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply