গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কেন্দ্রীয় বদৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ মন্ত্রী সর্বানন্দ সােণােৱালৰ সৈতে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়ােজিত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে ‘বিকাশৰ চালিকা শক্তি হিচাপে জলপথ’ শীর্ষক অংশীদাৰী সন্মিলনত অংশগ্রহণ কৰে। এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ জলপথসমূহৰ উপযুক্ত ব্যৱহাৰৰ লগতে অঞ্চলটোত এই খণ্ডৰ সম্ভাৱনীয়তাৰ বিভিন্ন দিশ আলােচনা কৰা হয়। সন্মিলনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে স্বাধীনতাৰ পৰৱৰ্তী সময়ত দীর্ঘকাল ধৰি আমি অসমৰ জলপথসমূহৰ সম্ভাৱনীয়তাৰ উপযুক্ত মূল্যায়ন কৰিবলৈ সমৰ্থ হােৱা নাছিলাে। কিন্তু প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ বলিষ্ঠ নেতৃত্বত এই খণ্ডটোৱে এতিয়া এক নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে। এক্ট ইষ্ট পলিচী’, ‘ইষ্ট বেষ্ট কৰিডৰ আদি বিভিন্ন পদক্ষেপৰ জৰিয়তে যদিও স্থলপথৰ মাধ্যমেৰে এই অঞ্চলটোৰ সৈতে বহিঃবিশ্ব বাণিজ্যিক সম্পর্ক স্থাপনৰ ক্ষেত্ৰত বহুখিনি অগ্রগতি লাভ কৰা হৈছে, পথ পৰিবহণৰ বৰ্দ্ধিত ব্যয়ে বহু সময়ত এই দিশত বাধা সৃষ্টি কৰি আহিছে। জলপথৰ উপযুক্ত ব্যবহাৰে এইক্ষেত্ৰত ৰাজ্যখনক বহুদূৰ আগুৱাই লৈ যাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে।
জলপথক পৰিবহণৰ আটাইতকৈ মিতব্যয়ী আৰু পৰিৱেশ অনুকুল মাধ্যম বুলি অভিহিত কৰি ৰপ্তানিকাৰী আৰু ব্যৱসায়ী সম্প্রদায়ক জলপথৰ মাধ্যমেৰে ব্যৱসায়ৰ সুযােগ গ্রহণ কৰিবৰ বাবে আগবাঢ়ি আহিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। উত্তৰ পূৰৰ ৰাজ্যসমূহৰ বিকাশৰ বাবে অঞ্চলটোৰ জলপথসমূহৰ পুনৰুঞ্জীৱিকৰণৰ দিশত গ্রহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ মন্ত্রী সর্বানন্দ সােণােৱালক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যিহেতু দেশৰ ৯৫ শতাংশ আন্তঃদেশীয় বাণিজ্যই জলপথৰ মাধ্যমেৰে হয় সেয়েহে এই খণ্ডটোক আমাৰ নতুন প্রজন্মই কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাৰ বহুখিনি সম্ভাবনীয়তা লুকাই আছে। নিজৰ ভাষণত মুখ্যমন্ত্রীয়ে অসমৰ নৈপৰীয়া অঞ্চলৰ ৰাইজলৈ উন্নত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে উন্নতমানৰ নৌকা এলেঞ্চ প্রস্তুতৰ বাবে আগবাঢ়ি আহিবলৈ কোচিন শ্বিপয়ার্ড লিমিটেড প্রতি আহ্বান জনায়।
সন্মিলনত ভাষণ প্রদান কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ মন্ত্রী সর্বানন্দ সােণােৱালে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ভগৱানপ্রদত্ত বিশাল জলৰাশিক জলপথ হিচাপে উপযুক্ত ৰূপত ব্যৱহাৰ কৰিব পাৰিলে অঞ্চলটোৰ বিশ্বজয়ৰাে সামর্থ্য আছে বুলি কয়। ব্রিটিছৰ আমােলত অঞ্চলটোৰ জলপথৰ উপযুক্ত ব্যৱহাৰৰ বাবে এই অঞ্চলৰ জনমূৰি আয় সর্বভাৰতীয় গড়তকৈ যথেষ্ট উন্নত আছিল বুলি উল্লেখ কৰি এই খণ্ডটোৰ সম্ভাৱনীয়তাৰ পুনৰ আৱিস্কাৰৰ বাবে একেলগে মিলি কাম কৰিবলৈ তেওঁ উত্তৰ-পূৰৰ ৰাজ্যসমূহৰ প্রতি আহ্বান জনায়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁৰ মন্ত্রালয়ে অসমত এখন সমুদ্র বিজ্ঞানৰ প্রশিক্ষণ প্রতিষ্ঠান স্থাপন কৰিব বুলিও কেন্দ্রীয় মন্ত্রীগৰাকীয়ে ঘােষণা কৰে। ভাষণ প্রসংগত তেওঁ জলপথৰ মাধ্যমেৰে সামগ্ৰী ৰপ্তানিৰ কাম আৰম্ভ কৰিবলৈ স্থানীয় ৰপ্তানিকাৰীসকলৰ প্রতি আহ্বান জনােৱাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহক সংশ্লিষ্ট ৰাজ্যৰ বর্তমানে থকা জলপথসমূহৰ উন্নয়নৰ বাবে প্ৰকল্পৰ প্ৰস্তাৱ যুগুত কৰিবলৈও তেওঁ আহ্বান জনায়।
লগতে পঢ়ক : চৰাইদেউত ব্যক্তিগত চাহবাগিছাৰ পৰা পোন্ধৰ গৰাকী শিশু শ্ৰমিক উদ্ধাৰ
সন্মিলনত উদ্যোগ আৰু বাণিজ্য তথা পৰিবহণ বিভাগৰ মন্ত্রী চন্দ্রমােহন পাটোৱাৰী আৰু কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলমার্গ দপ্তৰৰ ৰাজ্যিক মন্ত্রী শান্তনু ঠাকুৰেও ভাষণ প্রদান কৰে। অনুষ্ঠানত জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাৰ লগতে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ কেইবাগৰাকীও মন্ত্রীও উপস্থিত থাকে। অংশীদাৰী সন্মিলনখনত ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ উপাধ্যক্ষ তথা ভাৰপ্রাপ্ত অধ্যক্ষ জয়ন্ত সিং, জলমার্গ মন্ত্ৰালয়ৰ সচিব সঞ্জীৱ ৰঞ্জন, জাহাজ পৰিবহণৰ সঞ্চালক প্রধান অমিতাভ কুমাৰ, শ্যামাপ্রসাদ মুখার্জী প’র্ট ট্রাষ্টৰ অধ্যক্ষ বিনীত কুমাৰ, কোচিন শ্বিপয়ার্ড লিমিটেডৰ অধ্যক্ষ মধু এছ নায়াৰ, বিভিন্ন বাণিজ্যিক সংস্থা, উদ্যোগপতি, ৰপ্তানিকাৰী সংস্থা প্রতিনিধিবৰ্গৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ বহুসংখ্যক শীর্ষ বিষয়ববীয়াই অংশগ্রহণ কৰে।