গোগামুখ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ধেমাজি জিলাৰ গোগামুখৰ গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰৰ চৌহদত মিচিং স্বায়ত্তশাসিত পৰিষদৰ এটা নৱনিৰ্মিত অতিথিশালা উদ্বোধন কৰে । এই অতিথিশালা মিচিং স্বায়ত্তশাসিত পৰিষদৰ ২০১৭-১৮, ২০১৮-১৯ আৰু ২০১৯-২০ বৰ্ষৰ এ অ’ পিৰ অধীনত ১৬৯.৫৮ লাখ টকাৰ নিৰ্ধাৰিত পুঁজিৰে নিৰ্মাণ কৰা হৈছে।

অতিথিশালাটো নিৰ্মাণ কৰা গ্ৰাম্য জীৱিকা সমল কেন্দ্ৰৰ চৌহদত বিধায়ক স্বাক্ষৰ প্ৰকল্পৰ অধীনত এটা দক্ষতা কেন্দ্ৰও স্থাপন কৰা হ’ব। উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই, ৰাজ্যত আমিষ আৰু দুগ্ধজাত সামগ্ৰীৰ যথেষ্ট চাহিদা আছে যদিও ইয়াৰ উৎপাদন পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰি কৃষি, উদ্যানশস্য, পশু চিকিৎসা আৰু দুগ্ধজাত সামগ্ৰীৰ সমল কেন্দ্ৰ হিচাপে চৌহদটোৰ বিকাশ সাধনৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদক আহ্বান জনায়।

লগতে পঢ়ক : আনুষ্ঠানিকভাৱে বিজেপি যোগদান কৰিলে ৰূপজ্যোতি কুর্মীয়ে

এই উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুবন পেগু, পৰিষদৰ অধ্যক্ষ সুনীল পেগু আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াও উপস্থিত থাকে। উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰীয়ে গেৰুকামুখস্থিত নামনি অসম সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত যোগ শিবিৰত অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply