গুৱাহাটী : গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনিৰ উন্নীতকৰণৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে পাণবজাৰৰ মহেন্দ্র মােহন চৌধুৰী হাস্পতাল চৌহদৰ সমীপত নির্মাণ কৰা স্বয়ংক্রিয় বহুমহলীয়া গাড়ী পার্কিং আনুষ্ঠানিকভাৱে মুকলি কৰি জনসাধাৰণৰ সেৱাত উৎসর্গিত কৰে। উল্লেখ্য যে এই বহুমহলীয়া গাড়ী পার্কিত ১৪০ খন গাড়ী ৰখাৰ ব্যৱস্থা আছে আৰু ১১ কোটি টকা ব্যয় সাপেক্ষে ইয়াক নির্মাণ কৰা হৈছে।এই উপলক্ষে আয়ােজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই নতুন গাড়ী পার্কিঙে মহানগৰীৰ জনসাধাৰণক যথেষ্ট সকাহ প্রদান কৰিব। গুৱাহাটী মহানগৰীৰ হৃদণ্ডত অৱস্থিত পাণবজাৰ আৰু ফাঁচি বজাৰলৈ অহা জনসাধাৰণৰ গাড়ী পার্কিঙৰ সমস্যা এই ব্যৱস্থাই যথেষ্ট লাঘৱ কৰিব বুলিও তেওঁ কয়।
মহানগৰীৰ পথত যধে-মধে গাড়ীৰখােৱা সমস্যাটো লাঘৱৰ দিশতাে এই গাড়ী পার্কিংটোৱে বিশেষভাৱে সহায় কৰিব বুলি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয়। মুখ্যমন্ত্ৰীয়ে এই গাড়ী পার্কিত গাড়ী ৰাখি এক সুশৃংখলিত ব্যৱস্থা গঢ়ি তােলাৰ দিশত সহায়-সহযােগিতা আগবঢ়োৱাৰ বাবে জনসাধাৰণক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী আশােক সিংহলক পাণবজাৰ তথা জুৰােডৰ শ্ৰদ্ধাঞ্জলি কাননৰ ওচৰত থকা স্বয়ংক্রিয় গাড়ী পার্কিং ব্যৱহাৰকাৰীসকলৰ বাবে এই বৰ্ষৰ ডিচেম্বৰ পর্যন্ত বিনামূলীয়া কৰাৰ পদক্ষেপ ল’বলৈ নির্দেশ দিয়ে। গুৱাহাটী মহানগৰীৰ সৰ্বাংগীন বিকাশৰ দিশত থকা চৰকাৰৰ দায়বদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ব্যৱহাৰ নকৰা তথা মুক্ত চৰকাৰী ভূমিসমূহ সেউজ আৱৰণ অথবা পার্কিঙৰ স্থান হিচাপে ৰাজ্য চৰকাৰে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে।
উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীক টায়াৰ-১ মহানগৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰে ইতিমধ্যে এক বিস্তৃত পৰিকল্পনা গ্রহণ কৰিছে বুলিও তেওঁ কয়। এই অনুসৰি মহানগৰীৰ আন্তঃগাঁথনি সৃষ্টিৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিব। এই পৰিকল্পনা অনুসৰি গুৱাহাটী ক্লাবৰ পৰা নুনমাটিলৈ ছয়লেনযুক্ত ইলেভেটেড পথ নির্মাণ কৰা হ’ব। তদুপৰি, পলাশবাৰী হৈ এয়াৰপৰ্টৰ পৰা শুৱালকুছিলৈ আৰু বাইহাটা হৈ ছিপাঝাৰলৈ আৰু কুৰুৱা হৈ নাৰেংগী সংযােগী এক ৰিং পথ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে গুৱাহাটী পৌৰ নিগমৰ ছয়টা মালিক এলেকাত গােটা আৱৰ্জনা ব্যৱস্থাপনা প্রকল্প স্থাপন কৰা হ’ব। তদুপৰি, ব্রহ্মপুত্র নদীৰ পাৰৰ প্রকল্প হাতত লােৱা হ’ব বুলি উল্লেখ কৰি ইয়াৰ কাম অচিৰেই আৰম্ভ হ’ব বুলি তেওঁ কয়।
লগতে পঢ়ক : সৈনিক স্কুলত এতিয়াৰে পৰা শিক্ষাগ্ৰহণ কৰিব পাৰিব ছাত্ৰীয়েও
এই একেটা কাৰ্যসূচীতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকলৰ কল্যাণ আৰু সুৰক্ষাৰ দিশত সহায়ক হােৱাকৈ এটা নতুন পাের্টেল মুকলি কৰে। এই পাের্টেল মুকলি উপলক্ষে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী পৌৰ নিগমৰ ৫ গৰাকী কৰ্মচাৰীলৈ ৫ খন চিম কার্ড প্রদান কৰে। এই প্রকল্পই গুৱাহাটী পৌৰ নিগমৰ ২৫০০ গৰাকী কৰ্মচাৰীক উপকৃত কৰিব। এই চিম ভিত্তিক মােবাইল চলুশ্যনে জৰুৰীকালীন সময়ত কর্তব্যত নিয়ােজিত হৈ থকা গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীৰ অৱস্থিতি নিৰ্দ্ধাৰণ কৰাৰ দিশত বিশেষভাৱে সহায় কৰিব। অনুষ্ঠানত গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্রী আশােক সিংহল, গুৱাহাটী লােকসভা সমষ্টিৰ সাংসদ কুইন ওজাইও ভাষণ প্রদান কৰে। অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ উপাধ্যক্ষ মুকুতা ডেকা, নগৰ পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণৰ আয়ুক্ত দেৱাশীষ শর্মাৰ লগতে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।