নিউজ ডেস্কঃ আজি ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড়ৰ মাইজান অঞ্চলত খহনীয়া প্ৰভাৱিত মথাউৰি পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 

মথাউৰি পৰিদৰ্শন কৰি চৰকাৰী সংস্থাসমূহে কৰি থকা মেৰামতিৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ শৰ্মাই। লগতে মথাউৰিটোৰ গুণগত মানৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ মেৰামতিৰ কাম সম্পূৰ্ণ কৰাটো নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে। 

ইফালেস, সংশ্লিষ্ট সকলোকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈৰ পাৰৰ মথাউৰিসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে, মথাউৰি পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় পেট্ৰ’লিয়াম ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিমল বড়াও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,595 other subscribers

Leave a comment

Leave a Reply Cancel reply