গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত দক্ষতা, নিয়ােগ আৰু উদ্যমিতা বিভাগ তথা নিয়ােগ আৰু কাৰিকৰী প্রশিক্ষণ সঞ্চালকালয়ৰ কাম-কাজৰ পর্যালােচনা কৰে। এই পর্যালােচনা বৈঠকৰ আৰম্ভণিতে বিভাগটোৰ কাম-কাজ তথা পদক্ষেপসমূহক সামৰি এক প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়।

বৈঠকত বিভাগীয় কাম-কাজৰ বুজ লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাসকলৰ নাম পঞ্জীয়নৰ প্রক্রিয়াটো অধিক সুষম কৰাৰ অর্থে এটা অনলাইন পৰ্টেল আৰম্ভ কৰাৰ বাবে নির্দেশ দিয়ে। এই পৰ্টেলটোত ৰাজ্যখনৰ নিবনুৱাসকলে নিজৰ নাম বিনামূলীয়াকৈ পঞ্জীয়ন কৰাৰ লগতে কোনাে নিবনুৱাই নিযুক্তি লাভ কৰাৰ পিছত নিজৰ নাম নিজাববীয়াকৈ যাতে প্রত্যাহাৰ কৰিব পাৰে সেই সুবিধাও এই পৰ্টেলত অন্তর্ভুক্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কয়।

তেনেদৰে, এক নির্দিষ্ট সময়ৰ ব্যৱধানত পঞ্জীয়ননৱীকৰণ নকৰিলে প্রার্থীগৰাকীৰ নাম পৰ্টেলৰ পৰা আঁতৰ কৰা আৰু এই পৰ্টেলটোত আধাৰ নম্বৰ সংলগ্নকৰণেৰে নিবনুৱা যুৱক-যুৱতীসকলৰ নাম পঞ্জীয়নৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। বৈঠকতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বিভিন্ন স্থানত নির্মিয়মান অৱস্থাত থকা ছয়খন আই টি আই শীঘ্ৰে কার্যক্ষম কৰাৰ বাবে নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবে প্রয়ােজনীয় পদ সৃষ্টিৰ ব্যৱস্থা কৰা হ’ব।

লগতে পঢ়ক : কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া শ্বহীদ কেপ্টেইন জিন্টু গগৈৰ আজি মৃত্যুতিথি

আনহাতে, অসম দক্ষতা বিশ্ববিদ্যালয়ৰ কাম-কাজ যাতে অধিক দ্রুত গতিৰে আগবঢ়াব পৰা যায় তাৰ বাবে বিশ্ববিদ্যালয়খনত উপাচার্য এগৰাকী নিযুক্তি দিয়াৰ দিশত শীঘ্ৰে পদক্ষেপ ল’বলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। ঔদ্যোগিক প্রশিক্ষণ প্রতিষ্ঠানসমূহে পৰিবহণ বিভাগৰ সৈতে সমন্বয়েৰে ৰাজ্যখনৰ পাঁচ হাজাৰ নিবনুৱা যুৱক-যুৱতীক গাড়ী চালনাৰ প্রশিক্ষণ প্রদানৰ বাবে যথােচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নির্দেশ দিয়ে মুখ্যমন্ত্রী ড° শৰ্মাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply